উত্তৰ লখিমপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়াক অপসাৰণৰ দাবী, লখিমপুৰ জিলা জনস্বাৰ্থ সংগ্ৰাম সমিতিৰ উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান…

ডিজিটেল সংবাদ, লখিমপুৰঃ উত্তৰ লখিমপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়গৰাকীৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি বিভিন্ন দল,সংগঠনে অভিযোগ উত্থাপন কৰি অহাৰ পাছতো উপায়ুক্তগৰাকীয়ে কোনো কঠোৰ পদক্ষেপ গ্ৰহণ নকৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উপায়ুক্তৰ নিৰ্বিকাৰ ভূমিকাৰ সমান্তৰালকৈ সংগঠনসমূহেও অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী।

দেওবাৰে লখিমপুৰ জিলা জনস্বাৰ্থ সংগ্ৰাম সমিতিয়ে পৌৰসভাখনৰ কাৰ্যবাহী বিষয়াগৰাকীয়ে উন্নয়নমুলক আঁচনি ৰূপায়ণৰ বেলিকা সংঘটিত কৰা বিভিন্ন অনিয়ম আৰু বিভিন্ন সমস্যাৰ সমাধানৰ দাবী সম্বলিত এখনি স্মাৰকপত্ৰ জিলা উপায়ুক্তক প্ৰদান কৰে।

সংগঠনটোৰ সভাপতি কুশল দত্ত, কাৰ্যকৰী সভাপতি দিলিপ কাকতী আৰু সাধাৰণ সম্পাদক দীপক কুমাৰ নাথ স্বাক্ষৰিত স্মাৰকপত্ৰখনিত কাৰ্যবাহী বিষয়াগৰাকীৰ মইমতালিৰ বাবেই নিৰ্ধাৰিত পুঁজি অনুপাতে উন্নয়নমুলক কাম সন্তোষজনক নোহোৱা, পৌৰসভা এলেকাৰ ৩১ টা পথৰ কাম নোহোৱাৰ বাবে বিষয়া গৰাকীক সংগঠনটোৱে জগৰীয়া কৰি অপসাৰণৰ দাবী জনোৱাৰ উপৰিও ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পাৰ্কিং ব্যৱস্থাৰে কৰ সংগ্ৰহ কৰাটো বন্ধ কৰা, ৫.৫০ কোটি টকাৰে ৩১ টা পথৰ উন্নয়নৰ কামৰ ক্ষীপ্ৰ সমাধান সূত্ৰ উলিওৱা, নগৰ অঞ্চলৰ বিভিন্ন স্থানত থকা ভগা ডাষ্টবিনসমুহ পুনৰ নিৰ্মাণৰ ব্যবস্থা কৰা, নগৰত গৰু গাহৰিৰ মুক্ত বিচৰণ বন্ধ কৰা আৰু পূৱ চানমাৰি এলেকাত বৃদ্ধি পোৱা যক্ষ্মা ৰোগৰ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে উপায়ুক্তক দাবী জনায়।

The post উত্তৰ লখিমপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়াক অপসাৰণৰ দাবী, লখিমপুৰ জিলা জনস্বাৰ্থ সংগ্ৰাম সমিতিৰ উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2KZWrbG
via IFTTT

Comments