মহানগৰীৰ গাড়ীগাঁৱত ব্যৱসায়ীক আক্ৰমণ, দুৰ্বৃত্তই কাঢ়ি লৈ গ’ল সোণৰ আঙঠি, চেইন

- মহানগৰীৰ গাড়ীগাঁৱত চাঞ্চল্যকৰ ঘটনা।
- চোকা অস্ত্ৰৰে ৩ যুৱকক আক্ৰমণ দুৰ্বৃত্তৰ।
- মঙলবাৰে নিশা গাড়ীগাঁৱৰ ফেঞ্চিপাৰাত সংঘটিত হয় এই ঘটনা।
- দুৰ্বৃত্তৰ আক্ৰমণত আহত হয় আয়াতুল আলী।
- আয়াতুল আলী পেছাত এগৰাকী ব্যৱসায়ী।
- নিশা এখন দোকানৰ পৰা ওলাই অহাৰ সময়তে আলীক আকস্মিকভাৱে আক্ৰমণ কৰে দুৰ্বৃত্তই।
- আয়াতুল আলীৰ পৰা সোণৰ চেইন, আঙঠি লৈ পলায়ন কৰে দুৰ্বৃত্তৰ দলটো।
- তিনিজনীয়া দুৰ্বৃত্তৰ দলটোৰ ৰিকী আলী নামৰ এজনক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী।
- ইফালে এতিয়াও পলাতক হৈ আছে পাপ্পু আলী আৰু ডাঙৰ টিকিলা নামৰ আন দুজন।
The post মহানগৰীৰ গাড়ীগাঁৱত ব্যৱসায়ীক আক্ৰমণ, দুৰ্বৃত্তই কাঢ়ি লৈ গ’ল সোণৰ আঙঠি, চেইন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2L2DxkO
via IFTTT
Comments
Post a Comment