সোমবাৰে অন্ত পৰিব চিবিআইৰ জিম্মা পি চিদাম্বৰমৰঃ জামিন আবেদনৰ শুনানি গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে

ডিজিটেল ডেস্কঃ চিবিআইৰ বিশেষ আদালতে আই এন এক্স মিডিয়া কেলেংকাৰীত নাম সাঙোৰ খাই পৰা প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰমক চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰাৰ ৰায়ক প্ৰত্যাহ্বান জনাই পি চিদাম্বৰমৰ হৈ অধিবক্তা কপিল চিব্বালে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰা নহ’ল সোমবাৰে। পি চিদাম্বৰৰ এই আবেদনৰ শুনানি গ্ৰহণ কৰিবলগা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰ বানুমতী আৰু ন্যায়াধীশ এ এছ বোপান্নাৰ পীঠে এই সন্দৰ্ভত কয় যে চিদাম্বৰমে দাখিল কৰা আবেদন প্ৰথমে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ সন্মুখত ৰখা হ’ব। মুখ্য ন্যায়াধীশে আবেদন সম্পৰ্কত নিৰ্দেশ জাৰি কৰাৰ পিছতহে তাৰ শুনানিৰ বিষয় বিবেচনা কৰা হ’ব।
উল্লেখ্য যে, আই এন এক্স মিডিয়াৰ উৎকোচ গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰা জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমে উচ্চতম ন্যায়ালয়ত মুঠ ৩ খন আবেদন দাখিল কৰিছিল। চিবিআইৰ বিশেষ আদালতে চিদাম্বৰমক চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰা ৰায়ৰ প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনখনৰ উপৰিও আইএনএক্স মিডিয়া কেলেংকাৰীত দিল্লী উচ্চ ন্যায়ালয়ে চিদাম্বৰমৰ অগ্ৰীম জামিনৰ আবেদন খাৰিজ কৰাৰ সিদ্ধান্তকো প্ৰত্যাহ্বান জনোৱা হৈছিল উচ্চতম ন্যায়ালয়ত।
প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বে আদালতে পি চিদাম্বৰমৰ এক আবেদনৰ শুনানি গ্ৰহণ কৰি চিবিআইৰ পিছত ইডিৰ গ্ৰেপ্তাৰত স্থগিতাদেশ জাৰি কৰিছিল। আনহাতে ২৬ আগষ্টলৈ চিদাম্বৰমক চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰি আই এন এক্স মিডিয়া কেলেংকাৰীত নাম সাঙোৰ খাই পৰা চিদাম্বৰমৰ বিৰুদ্ধে তদন্ত সন্দৰ্ভত চিবিআই আৰু ইডিৰ পৰা উত্তৰ বিচাৰিছিল আদালতে। ইফালে পি চিদাম্বৰমৰ চিবিআইৰ জিম্মা সোমবাৰে অন্ত পৰিব।
ইফালে ইডিয়ে আদালতত দাখিল কৰা এক আবেদনত পি চিদাম্বৰমে তেওঁৰ বিশ্বাসভাজন সহযোগীৰ সৈতে মিলি দেশে-বিদেশে ভুৱা কোম্পানী চলাই থকা বুলি দাবী কৰে। ইডিয়ে এই সন্দৰ্ভত পৰ্যাপ্ত তথ্য প্ৰমাণ মজুত থকা বুলিও আদালতক অৱগত কৰে। লগতে পি চিদাম্বমৰ দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী বা গৃহমন্ত্ৰী হোৱা বাবেই তেওঁৰ অগ্ৰীম জামিনৰ আবেদন স্বীকাৰ কৰা অনুচিত বুলিও আদালতক জনায় ইডিয়ে।
The post সোমবাৰে অন্ত পৰিব চিবিআইৰ জিম্মা পি চিদাম্বৰমৰঃ জামিন আবেদনৰ শুনানি গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZnQ4D7
via IFTTT
Comments
Post a Comment