কাৰ্যালয়লৈ পিন্ধি আহিব নোৱাৰিব জিন্স আৰু টি চাৰ্ট! চৰকাৰৰ কঠোৰ নিৰ্দেশ

ডিজিটেল ডেস্কঃ সচিবালয়ৰ কৰ্মচাৰীসকলে এতিয়াৰে পৰা পৰিধান কৰিব নোৱাৰিব জিন্স পেন্ট আৰু টি-চাৰ্ট। নিতীশ কুমাৰ নেতৃত্বাধীন বিহাৰ চৰকাৰে দিছে এই নিৰ্দেশ। ৰাজ্যখনত সচিবালয়ৰ কৰ্মচাৰীসকলে মাৰ্জিত সাজ পৰিধান কৰি নহাৰ অভিযোগ কৰি সকলো কৰ্মচাৰীকে চৰকাৰে সৰল আৰু আৰামদায়ক সাজ পিন্ধি অহাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে।
বিহাৰ চৰকাৰৰ সচিব মহাদেৱ প্ৰসাদে জাৰি কৰা এক নিৰ্দেশনাৰ জৰিয়তে কোৱা হৈছে যে, বহুলোকে কাৰ্যালয়ৰ গাম্ভীৰ্যতাৰ প্ৰতি গুৰুত্ব নিদি কিছু অসামাজিক সাজ পিন্ধি আহে। যি কাৰ্যই কোনো চৰকাৰী কাৰ্যালয়ৰ গৰিমা হ্ৰাস কৰিব পাৰে। গতিকে এতিয়াৰে পৰা কোনো লোকে তেনে সাজ পৰিধান কৰি আহিব নোৱাৰিব। পৰিৱেশ, পৰিস্থিতিৰ সৈতে সংগতি ৰাখিহে কোনো লোকে কাৰ্যালয়লৈ সাজ-পোচাক পিন্ধি আহিব পাৰিব।
উল্লেখ্য যে, ২০১৮ বৰ্ষত ৰাজস্থানত শ্ৰম বিভাগেও এনেধৰণৰ এক নিৰ্দেশনা জাৰি কৰিছিল। কোনো কৰ্মচাৰীকে কাৰ্যালয়লৈ পিন্ধি অহা পোছাকৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনোৱা হৈছিল। ইফালে অসমতো দিয়া হৈছিল এনে নিৰ্দেশ। কাৰ্যালয়লৈ প্ৰতি দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে ধূতি পিন্ধি অহাৰ বাবে জাৰি কৰা এক নিৰ্দেশনাৰ পিছতে কিছুদিন কোনো কোনো কৰ্মচাৰীক দেখিবলৈ পোৱা গৈছিল তেনে সাজ পিন্ধা। পিছে বেছিদিন নাথাকিল সেই সংস্কৃতি। গতিকে এইক্ষেত্ৰত বিহাৰ চৰকাৰে কিমান সফল হয় সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব।
The post কাৰ্যালয়লৈ পিন্ধি আহিব নোৱাৰিব জিন্স আৰু টি চাৰ্ট! চৰকাৰৰ কঠোৰ নিৰ্দেশ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2MLIqAN
via IFTTT
Comments
Post a Comment