চোৰাং বালি সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ শিৱসাগৰত ৰহস্যজনকভাৱে মৃত্যু ৪ বন বিষয়া-কৰ্মচাৰীৰ, আহত ২

ডিজিটেল সংবাদ, শিৱসাগৰঃ শুকুৰবাবে পুৱতি নিশা শিৱসাগৰত ৪ বন বিষয়া-কৰ্মচাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি জিলাখনত শোকৰ ছাঁ পৰিছে। শিৱসাগৰৰ চাৰিং অঞ্চলত পুৱতি নিশা এখন বন বিভাগৰ জিপছী বাহন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ৪ বিষয়া-কৰ্মচাৰীৰ মৃত্যু ঘটাৰ লগতে দুগৰাকী গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, শিৱসাগৰ বন সংমণ্ডলৰ পৰা বন বিষয়া-কৰ্মচাৰী কেইগৰাকীয়ে এএছ ০৪টি ৫১৩৭ নম্বৰৰ জিপছীখনেৰে নিশাৰে পৰা চোৰাং বালি সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাইছিল। এই অভিযান কালতে পুৱাতি নিশা তেওঁলোকৰ বাহনখন দুৰ্ঘটনাত পতি হয়। দুৰ্ঘটনাত প্ৰশান্ত দত্ত (ফৰেষ্ট গাৰ্ড), বিপুল হাজৰিকা (ফৰেষ্ট গাৰ্ড), নিজাম আহমেহ আৰু প্ৰিয়ম মেচৰ মৃত্যু ঘটে।

আনহাতে এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আন দুগৰাকী বন বিভাগৰ ৰেঞ্জাৰ বুবুল বৰুৱা আৰু ফৰেষ্ট গাৰ্ড নিজামুদ্দিনক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয়। আহত দুয়োগৰাকীৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

অভিযোগ অনুসৰি শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত দীৰ্ঘ সময়ৰ পৰা একাংশ ব্যৱসায়ীয়ে চোৰাং বালিৰ সৰবৰাহেৰে ৰমৰমীয়া বেহা চলাই আহিছে। ট্ৰাকেৰে শিৱসাগৰৰ পৰা বালি চোৰাংকৈ অন্য প্ৰান্তলৈ প্ৰেৰণ কৰি অবাধ ব্যৱসায় চলাই থকা এনে চক্ৰৰ বিৰুদ্ধে প্ৰায়ে অভিযান চলাই আহিছিল শিৱসাগৰ বন সংমণ্ডলে। বিন বিভাগৰ অভিযানকালত ইতিমধ্যে বহু বালি ভৰ্তি ট্ৰাক জব্ধও কৰা হৈছে।

তেনে পৰিপ্ৰেক্ষিতত শুকুৰবাৰে নিশাও চোৰাং বালিভৰ্তি ট্ৰাকৰ সন্ধানত অভিযান চলোৱা বন বিভাগৰ বিষয়া-কৰ্মচাৰী কেইগৰাকীৰ বাহনখন দুৰ্ঘটনাত পতিত হোৱাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে। একাংশই দাবী কৰা মতে, বন বিভাগৰ লোক কেইজনৰ বাহনত কোনো দুষ্ট চক্ৰই গধুৰ বাহেনেৰে খুন্দিয়াই দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে। এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি ঘটনাৰ উচিত তদন্তও দাবী কৰিছে বহুতে।

The post চোৰাং বালি সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ শিৱসাগৰত ৰহস্যজনকভাৱে মৃত্যু ৪ বন বিষয়া-কৰ্মচাৰীৰ, আহত ২ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2HwgD2L
via IFTTT

Comments