কাশ্মীৰক লৈ ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ বিক্ষোভঃ আন্তঃৰাষ্ট্ৰীয় বিমানৰ বাবে বন্ধ কৰিলে ৩টা আকাশী পথ

ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ উঠাই লোৱাৰ পিছত ভাৰতৰ বিৰুদ্ধে অসন্তুষ্ট হৈ পৰা পাকিস্তানে এইবাৰ কৰাচীৰ ৩টা আকাশী পথ ৩১ আগষ্টলৈ আন্তঃৰাষ্ট্ৰীয় ট্ৰেফিকৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। পাকিস্তানৰ চিভিল এভিয়েশ্যন অথৰিটীয়ে এয়াৰমেন (ন’টাম)লৈ জাৰি কৰা এক নিৰ্দেশনাত এই ঘোষণা কৰিছে।

পাকিস্তানে সকলো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাক ন’টামৰ জৰিয়তে বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰা আকাশী পথ ৩টা এৰাই চলিবলৈ আহ্বান জনাইছে। অৱশ্যে কৰাচীৰ আকাশ মাৰ্গ বন্ধ কৰাৰ লগত পাকিস্তান আৰু ভাৰতৰ মাজত চলা শীতল সংঘাতৰ কোনো সম্পৰ্ক নাই বুলি মন্তব্য কৰিছে চিভিল এভিয়েশ্যন অথৰিটীয়ে।

কিন্তু পাকিস্তান চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে মঙলবাৰে কৰা মন্তব্যৰ পিছত এয়া স্পষ্ট হৈ পৰিছে যে ভাৰতৰ প্ৰতি অসন্তুষ্ট হৈয়ে পাকিস্তানে আকাশ মাৰ্গ আন্তঃৰাষ্ট্ৰীয় বিমানৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। পাকিস্তানৰ মন্ত্ৰী ফাৱাদ হুছেইন চৌধুৰীয়ে মঙলবাৰে সদৰী কৰিছিল যে পাক প্ৰধানমন্ত্ৰী ইমৰান খানে ফেডাৰেল কেবিনেটৰ বৈঠকত ভাৰতৰ বাবে পাকিস্তানৰ সকলো আকাশ পথ আৰু আফগানিস্তাৰ সৈতে বানিজ্যিক সম্পৰ্কৰ ক্ষেত্ৰত ভাৰতে ব্যৱহাৰ কৰা পাকিস্তানৰ স্থলপথ বন্ধ কৰাৰ বিষয়ে বিবেচনা কৰিছে।

‘ভাৰতৰ সৈতে চলি থকা সংঘাতৰ বাবে প্ৰধানমন্ত্ৰীয়ে এই বিবেচনা কৰিছে যাতে ভাৰতে কোনোপধ্যেই পাকিস্তানৰ আকাশ পথ আৰু মাটি ব্যৱহাৰ কৰিব নোৱাৰে। প্ৰধানমন্ত্ৰী ইমৰান খানৰ এই বিচাৰ সন্দৰ্ভত কেবিনেটত আলোচনা কৰা হৈছে।’ – মঙলবাৰে টুইটযোগে এই কথা সদৰী কৰে ফাৱাদ হুছেইন চৌধুৰীয়ে।

The post কাশ্মীৰক লৈ ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ বিক্ষোভঃ আন্তঃৰাষ্ট্ৰীয় বিমানৰ বাবে বন্ধ কৰিলে ৩টা আকাশী পথ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/30EMx51
via IFTTT

Comments