পুনৰ অশান্ত কাশ্মীৰ! নিৰাপত্তাৰক্ষীৰ বাহন বুলি আক্ৰমণ প্ৰতিবাদকাৰীৰ, চালকৰ মৃত্যু

ডিজিটেল ডেস্কঃ পুনৰ অশান্ত হৈ পৰিছে জম্মু-কাশ্মীৰ। ৰাজ্যখনৰ পৰা ধাৰা ৩৭০ বিলুপ্তিৰ পিছত ৰাজ্যখনৰ পৰিস্থিতি স্বাভাৱিক হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে দাবী কৰিলেও পুনৰ ৰাজ্যখনত সংঘটিত হয় বিক্ষোভমূলক ঘটনা।

জম্মু-কাশ্মীৰৰ আৰক্ষীয়ে টুইটযোগে সদৰী কৰা মতে, দেওবাৰে কাশ্মীৰৰ অনন্তনাগত একাংশ প্ৰতিবাদকাৰীৰ শিলাক্ৰমণত এজন ট্ৰাক চালকৰ মৃত্যু ঘটে। আৰক্ষীয়ে সদৰী কৰা মতে, প্ৰতিবাদকাৰীয়ে নিৰাপত্তাৰক্ষীৰ বাহন বুলি সন্দেহ কৰি ট্ৰাকখনত আক্ৰমণ চলোৱাত চালক নুৰ মহম্মদ ডাৰৰ মৃত্যু ঘটে।

ঘটনা অনুসৰি, জ্ৰাদিপোড়া উৰণহল এলেকাৰ নিৱাসী ট্ৰাক চালক নুৰ মহম্মদ দাৰে ট্ৰাকেৰে সৈতে ঘৰলৈ উভতাৰ পথতে অনন্তনাগত একাংশ প্ৰতিবাদকাৰীয়ে তেওঁৰ বাহনত শিলেৰে আক্ৰমণ চলায়। নিৰাপত্তাৰীৰ বাহন বুলি চলোৱা শিলাক্ৰমণত ট্ৰাকৰ সন্মুখৰ গ্লাছ ভাঙি চালক নুৰ মহম্মদৰ মূৰত আঘাত কৰাত তেওঁৰ মৃত্যু ঘটে।

The post পুনৰ অশান্ত কাশ্মীৰ! নিৰাপত্তাৰক্ষীৰ বাহন বুলি আক্ৰমণ প্ৰতিবাদকাৰীৰ, চালকৰ মৃত্যু appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/321B7sb
via IFTTT

Comments