ভাৰতৰ বিৰুদ্ধে পাকিস্তানত জেহাদ ঘোষণা কাৰ…

ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ বিলুপ্তি কৰাৰ পিছত ভাৰতৰ বিৰুদ্ধে সকলো ধৰণৰ ষড়যন্ত্ৰত নামি পৰিছে পাকিস্তান। আন্তঃৰাষ্ট্ৰীয় স্তৰত জম্মু-কাশ্মীৰৰ বিষয় উত্থাপন কৰি অন্য ৰাষ্ট্ৰৰ সমৰ্থন লাভৰ আশা কৰা ইমৰান খানে ভাৰতৰ সৈতে কূটনৈতিক, বানিজ্যিক সম্পৰ্ক ইতিমধ্যে ছেদ কৰিছে। ৰে’লসেৱা, বাছসেৱা বিচ্ছিন্ন কৰাৰ পিছত শেহতীয়াকৈ পাকিস্তানৰ আকাশ ভাৰতীয় বিমান উৰণৰ বাবে বন্ধ কৰিও পাকিস্তানে কোনো পধ্যেই ভাৰতক হেয় প্ৰতিপন্ন কৰাব পৰা নাই।

এতিয়া পাকিস্তানত ভাৰতৰ বিৰুদ্ধে মুক্ত জেহাদৰ বাবে আহ্বান চলিছে। পাক অধিকৃত কাশ্মীৰৰ এটা ভিডিঅ’ অনলাইযোগে ভাইৰেল হৈ পৰাৰ পিছতে প্ৰকাশ পাইছে পাকিস্তানৰ মুক্ত জেহাদৰ আহ্বান। ভিডিঅ’টোত প্ৰত্যক্ষ কৰা অনুসৰি এজন মৌলবীয়ে এক বিশাল জনসভা সম্বোধন কৰি ভাৰতৰ বিৰুদ্ধে জেহাদ বা পবিত্ৰ যুদ্ধৰ ঘোষণা কৰিছে। জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ বিলুুপ্তি আৰু বিশেষাধিকাৰ কৰ্তন কৰাৰ বাবেই এই জেহাদ আহ্বান কৰা বুলিও কয় মৌলবীজনে।

‘যেতিয়া মুছলমানসকল ক’ৰবাত দুৰ্বল হৈ পৰে, তেতেতিয়া তেওঁলোকৰ বাবে জেহাদৰ প্ৰয়োজন হয়। আমাৰ কাশ্মীৰী ভাই-ভনী আৰু মাতৃসকল এতিয়া দুৰ্বল। এতিয়া যদি আমি ভাৰতৰ বিৰুদ্ধে যুঁজিবলৈ সাজু নহও, তেন্তে তেওঁলোকে সদায় নিজকে অকলশৰীয়া অনুভৱ কৰি থাকিব।’ – ভিডিঅ’টোত এইদৰে মৌলবীজনে জনতাক সম্বোধি কোৱা শুনিবলৈ পোৱা গৈছে।

মৌলবীজনে পাকিস্তানৰ সেনাপ্ৰধান জেনেৰেল কুৱামাৰ জাভেদ বাজৱাকো জেহাদৰ মাজেৰে সেনা কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায়। মৌলবীজনৰ আহ্বানৰ পিছতে উপস্থিত লোকসকলে ‘এতিয়া ভাৰতৰ এটা চিকিৎসা, সেয়া হৈছে জেহাদ’ (ইণ্ডিয়া কা এক হি ইলাজ, অল-জিহাদ অল-জিহাদ) শ্ল’গানৰে উত্তাল কৰি তোলে।

উল্লেখ্যে যে ভাৰতক কোনো ফালেৰে বলে নোৱাৰা পাকিস্তানৰ বাবে এতিয়া জেহাদেই অস্ত্ৰ হৈ পৰিছে। শেতীয়াকৈ পাকিস্তানৰ খাইবাৰ পাথটুনখৱাৰ মুখ্যমন্ত্ৰী মহম্মদ খানে ভাৰতৰ বিৰুদ্ধে জেহাদ হ’লে তেওঁ তাৰ নেতৃত্ব দিবলৈ সাজু বুলি মন্তব্য কৰিছিল। অইনফালে জেহাদৰ নামত গোপনে ভাৰতলৈ সন্ত্ৰাসবাদী প্ৰেৰণৰ প্ৰস্তুতি চলাইছে পাকিস্তানে।

The post ভাৰতৰ বিৰুদ্ধে পাকিস্তানত জেহাদ ঘোষণা কাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2zyx9Li
via IFTTT

Comments