সন্ত্ৰাসবাদীৰ সন্ত্ৰাস নহয়, পাকিস্তানত এতিয়া মাখিৰ সন্ত্ৰাসঃ বিশেষ প্ৰাৰ্থনাৰ দাবীৰে উত্তাল বিধানসভা

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰক লৈ ভাৰতৰ বিৰুদ্ধে অসন্তুষ্ট পাকিস্তানত সন্ত্ৰাসবাদীৰ সন্ত্ৰাস নহয়, চলিছে আন এক সন্ত্ৰাসহে। এই সন্ত্ৰাসৰ বিষয়ে এতিয়া হুলস্থূল লগাইছে বিধানসভাৰ মজিয়াও। পাকিস্তানৰ পৰা প্ৰকাশিত বাতৰি কাকত ‘জংগ’ৰ বাতৰি মতে, পাকিস্তানত উদ্ভৱ হোৱা নতুন সমস্যাটোৰ লৈ বিধানসভাত বিশেষ প্ৰাৰ্থনাৰ ব্যৱস্থা কৰাৰ দাবীও উত্থাপন হৈছে।
খবৰ অনুসৰি, বিধায়ক নুচৰত চহৰ আব্বাছীয়ে সদৰী কৰা মতে, পাকিস্তানৰ বিভিন্ন প্ৰান্তৰ বাবে এতিয়া প্ৰধান সমস্যা হৈ পৰিছে মাখি। মাখিৰ বাবে খাওতে, শোৱতে অনবৰতে সমস্যাত পৰিছে সাধাৰণ জনতা। বৰষুণ পৰাৰ লগে লগে অস্বাভাৱিক ভাৱে বৃদ্ধি পোৱা মাখিয়ে এতিয়া একপ্ৰকাৰ সন্ত্ৰাস চলাইছে কৰাচীৰ পৰা কাশ্মীৰলৈ।
এনে পৰিস্থিতিত মাখিৰ সমস্যা সমাধানৰ বাবে বিধানসভাত বিশেষ প্ৰাৰ্থনা কৰাৰ দাবী তুলিছে বিধায়ক আব্বাছীয়ে। বিধায়কজনে এই দাবী উত্থাপন কৰাৰ পিছতে আন কেইবাগৰাকীও বিধায়কে তেওঁক সমৰ্থন জনাইছে যদিও আন বহুতে মাখিৰ বাবে বিশেষ প্ৰাৰ্থনা কৰি কি লাভ হ’ব বুলিও ওলোটাই প্ৰশ্ন কৰিছে। এনে পৰিস্থিতিত দুই পক্ষৰ মাজত আৰম্ভ সৃষ্টি হৈছে যুক্তি-তৰ্কৰ।
বিধানসভাত মাখিৰ সন্ত্ৰাস দূৰ কৰাৰ বাবে বিশেষ প্ৰাৰ্থনাৰ দাবী কৰা আন এগৰাকী বিধায়ক ৰাণা আনচাৰে কয়, ‘যদি পাকিস্তানত বৰষুণৰ বাবে বিধানসভাত বিশেষ প্ৰাৰ্থনা কৰিব পাৰি, তেন্তে মাখিয়ে চলোৱা সন্ত্ৰাস দূৰ কৰাৰ বাবেও প্ৰাৰ্থনা কৰিব পাৰি।’ উল্লেখ্য যে, বৰষুণৰ সমান্তৰালভাৱে পাকিস্তানত ধুম ধামেৰে পালন কৰা ঈদ উল আজহাৰ কোৰবাণীৰ পাছতে বিভিন্ন বৃদ্ধি পাইছে মাখিৰ সংখ্যা।
The post সন্ত্ৰাসবাদীৰ সন্ত্ৰাস নহয়, পাকিস্তানত এতিয়া মাখিৰ সন্ত্ৰাসঃ বিশেষ প্ৰাৰ্থনাৰ দাবীৰে উত্তাল বিধানসভা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2LgaDwt
via IFTTT
Comments
Post a Comment