এন আৰ চি প্ৰকাশৰ প্ৰাক নিশা তিতাবৰত যুৱকলৈ লক্ষ্য কৰি গুলীচালনা

  • তিতাবৰত গুলীচালনাৰ ঘটনা।
  • শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা।
  • ৰঞ্জন বৰুৱা নামৰ এজন স্থানীয় যুৱকলৈ লক্ষ্য কৰি গুলীচালনা।
  • বন্ধুৰ সৈতে কথা পাতি থকা অৱস্থাতে কৰা গুলীচালনাত আহত হৈছে যুৱকজন।
  • ভৰিত গুলী লাগি আহত হোৱা যুৱকজনক ভৰ্তি কৰা হৈছে হাস্পতালত।
  • তিতাবৰৰ মহকুমাধিপতিৰ কাৰ্যালয় আৰু তৃতীয় অসম আৰক্ষী বেটেলিয়নৰ সমীপত এই ঘটনা সংঘটিত হৈছে।
  • ইফালে ঘটনাৰ পিছতে অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্যৰ।
  • আমগুৰিখাটৰ ধ্ৰুৱ নামৰ এজন যুৱকে কৰে গুলীচালনা।
  • আৰক্ষীয়ে আটক কৰিছে যুৱকজনক।
  • সজীৱ গুলীসহ এটা .২২ পিষ্টল জব্দ কৰিছে আৰক্ষীয়ে।
  • আৰক্ষীয়ে অব্যাহত ৰাখিছে ঘটনাত তদন্ত।

The post এন আৰ চি প্ৰকাশৰ প্ৰাক নিশা তিতাবৰত যুৱকলৈ লক্ষ্য কৰি গুলীচালনা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NCtpAS
via IFTTT

Comments