অৰুণ জেটলীৰ অন্ত্যোষ্টিক্ৰিয়াৰ সময়ত বিজেপি সাংসদসহ ১১ জনৰ চুৰি হৈছিল মোবাইল…

ডিজিটেল ডেস্কঃ যোৱা শনিবাৰে দিল্লীৰ নিগমবোধ ঘাটত অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন হৈছিল দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অৰুণ জেটলীৰ। দীৰ্ঘদিন ধৰি অসুস্থতাত ভূগি এইমছত চিকিৎসাধীন হৈ থকা অৰুণ জেটলীৰ শুকুৰবাৰে মৃত্যু ঘটাৰ পিছতে দেশজুৰি শোকৰ বন্যা বয়। তেওঁৰ বাসগৃহ আৰু বিজেপিৰ মুখ্য কাৰ্যালয়ত অসংখ্য গুণমুগ্ধ আৰু নেতা-কৰ্মীয়ে অৰুণ জেটলীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।
শনিবাৰে আবেলি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ নিথৰ দেহ লৈ যোৱা হয় নিগমবোধ ঘাটলৈ। এক শোকাকুল পৰিৱেশৰ মাজৰে তাত সম্পন্ন হোৱা অন্ত্যোষ্টিক্ৰিয়াত উপস্থিত থাকে অগণন অনুৰাগী, বিজেপিৰ শীৰ্ষ নেতা তথা কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী। দেশৰ বিশিষ্ট নেতাগৰাকীক হেৰুৱাই ব্যাকুল হৈ পৰে সকলো।
ইফালে অৰুণ জেটলীৰ অন্ত্যোষ্টিক্ৰিয়াৰ সময়ত সৃষ্টি হোৱা ভিৰৰ সুযোগ ল’লে চোৰে। বিজেপি সাংসদ বাবুল সুপ্ৰিঅ’সহ কেইবাজনৰো মোবাইল ভিৰৰ সুযোগ লৈ চুৰি কৰে চোৰে। পতঞ্জলীৰ প্ৰবক্তা এছ কে তিজাৰাৱালাই এক টুইটযোগে অভিযোগ কৰ অনুসৰি চোৰে তেওঁৰ লগতে বাবুল সুপ্ৰিঅ’ আৰু অন্য ৯ জনৰ মোবাইল চুৰি কৰে ভিৰৰ পৰা।
এছ কে তিজাৰাৱালাৰ অভিযোগৰ পিছত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি চোৰৰ সন্ধানত নামি পৰিছে। কিন্তু কাশ্মীৰী গেট আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মোবাইল চুৰি সন্দৰ্ভত তেওঁলোকে কোনো অভিযোগ লাভ কৰা নাই।
The post অৰুণ জেটলীৰ অন্ত্যোষ্টিক্ৰিয়াৰ সময়ত বিজেপি সাংসদসহ ১১ জনৰ চুৰি হৈছিল মোবাইল… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/33WGUBf
via IFTTT
Comments
Post a Comment