এফালে বান, আনফালে খৰাঙত উছন হৈছে খেতি পথাৰঃ পুৰণিগুদামত বৰষুণ বিচাৰি ৰাইজৰ ভেকুলী বিয়া…

ডিজিটেল সংবাদ,চামগুৰিঃ এখন ব্যতিক্ৰমী বিয়া ।এই বিয়াখন অনুষ্ঠিত হ’ল নগাঁৱৰ পুৰণিগুদামৰ হাতীগাৱঁত।সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে বিয়াখনত হাতত কলচি লৈ পানীও তুলিছে লগতে আয়তি সকলে বিয়া নামো জুৰিছে ।মুঠতে ঢোলে দগৰে সম্পূৰ্ণ আনন্দত উখল মাখল এক পৰিবেশ। কিন্তু এইয়া আকৌ কোনো মানুহৰ বিয়া নহয়। এইয়া হৈছে নগাঁৱৰ পুৰণিগুদাম হাতীগাঁৱত অনুষ্ঠিত হোৱা ভেকুলীৰ বিয়াৰহে দৃশ্য।
মাহ হালধীৰে ভেকুলীক নোৱাই ধোৱাই অসমীয়া ৰীতি নীতিৰে সম্পন্ন কৰা হৈছে ভেকুলীৰ বিয়া।যুগ যুগ ধৰি প্ৰচলিত জনবিশ্বাস অনুসৰি খৰাঙ দিনত বৰষুণ নহ’লে গ্ৰামাঞ্চলৰ কৃষক সকলে ভেকুলীৰ বিয়া পাতে। ভেকুলীৰ বিয়া পাতিলে বৰুণ দেৱতা সন্তুষ্ট হয়,আৰু বৰষুণ আহে বুলি থকা জনবিশ্বাসৰ বাবেই অতিমাত্ৰা খৰাঙ হ’লে ৰাইজে অনুষ্ঠিত কৰে ভেকুলী বিয়া ।
পুৰ্বপুৰুষৰ দিনৰে পৰা বৰষুণ নহ’লে স্থানীয় ৰাইজে এনে ব্যৱস্থা গ্ৰহণ কৰি আহিছে ।উল্লেখ্য যে যি সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই সমাজক আধুনিকতাৰ উচ্চ শিখৰত উপনীত কৰাইছে । সেই সময়তো গ্ৰামাঞ্চলত চলি আছে এনে কেতবোৰ পুৰণি প্ৰথা।
The post এফালে বান, আনফালে খৰাঙত উছন হৈছে খেতি পথাৰঃ পুৰণিগুদামত বৰষুণ বিচাৰি ৰাইজৰ ভেকুলী বিয়া… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2MHbc5y
via IFTTT
Comments
Post a Comment