নিৰ্মম, কেনেকৈ কৰে এই কাৰ্য! পথৰ কাষত কাৰ্টনত ওলাল মৃত শিশু

ডিজিটেল সংবাদ, শিলচৰঃ কাৰ্টনত ভৰোৱা অৱস্হাত পথৰ কাষত এটি কেঁচুৱাৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে কাছাৰৰ দৰগাকোণা এলেকাত৷ বুধবাৰে পুৱা প্ৰায় ১০ বজাত শিলচৰ- হাইলাকান্দি পথৰ দৰগাকোণাত পথৰ কাষত এটি কাৰ্টন প্ৰত্যক্ষ কৰে স্হানীয় লোকে৷ পিচত কৌতূহল দমাব নোৱাৰি স্হানীয় লোকে কাৰ্টনটো খুলি চাই হতবাক হৈ পৰে।
কাৰ্টনটোৰ ভিতৰত প্ৰত্যক্ষ কৰে এটি প্ৰায় ৭-৮ মহীয়া কেঁচুৱাৰ মৃতদেহ৷ পিচত লগে লগে অসম বিশ্ব বিদ্যালয়ৰ সন্মুখত অৱস্হিত আৰক্ষী চকীত খবৰ দিয়া হয়৷ আৰক্ষী উপস্হিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালয়লৈ প্ৰেৰণ কৰিছে।
ইফালে, কোনে কি কাৰণত শিশুটোৰ মৃতদেহ এইদৰে কাৰ্টনত ভৰাই পথৰ কাষত ৰাখিলে তাকে লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে স্হানীয় লোকৰ মাজত৷
The post নিৰ্মম, কেনেকৈ কৰে এই কাৰ্য! পথৰ কাষত কাৰ্টনত ওলাল মৃত শিশু appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2PhNgb7
via IFTTT
Comments
Post a Comment