দৰঙৰ খাৰুপেটীয়াত দুধর্ষ ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ,মঙলদৈঃ বুধবাৰে নিশা দৰঙৰ খাৰুপেটীয়াত এক দুধর্ষ ড্ৰাগছ বেপাৰীক নিচা জাতীয় দ্ৰব্যসহ হাতে-লোতে গ্ৰেপ্তাৰ কৰে । প্ৰাপ্ত তথ্য অনুসৰি বুধবাৰে নিশা খাৰুপেটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰাজ মোহন ডেকাই এক গোপন সূত্ৰৰ পম খেদি খাৰুপেটীয়া হস্পিতাল ৰ’ডৰ সমীপত ৰিচান মটৰ পাৰ্টছ নামৰ গাড়ীৰ সামগ্ৰী বিক্ৰী কৰা এখন দোকানৰ পৰা বিক্ৰী কৰি থকা অৱস্থাত ৬ টাকৈ নিষিদ্ধ নিচা জাতীয় ক’ফ চিৰাপৰ বটলৰ লগতে অভিযুক্ত হাফিজুৰ ৰহমান ওৰফে মুন্নাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখযোগ্য যে বিগত কেইবাবছৰ ধৰি এই দুধর্ষ ব্যৱসায়ীটোৱে অতি চতুৰালিতে ড্ৰাগছৰ নিষিদ্ধ ব্যৱসায়ী চলাই আহিছিল । সম্প্ৰতি খাৰুপেটীয়া থানাত ৩৫২/১৯ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি অভিযুক্ত হাফিজুৰক জেৰা অব্যাহত ৰাখিছে ।

The post দৰঙৰ খাৰুপেটীয়াত দুধর্ষ ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/323Ja7U
via IFTTT

Comments