মহানগৰীৰ ধন লুট ঘটনাৰে জড়িত ৪ জনক গ্ৰেপ্তাৰ

  • আৰক্ষীৰ জালত ফাঁচীবজাৰৰ ধন লুটৰ ঘটনাৰে জড়িত ৪ জন।
  • পল্টনবজাৰ আৰক্ষীয়ে জেৰা চলাই আছে গ্ৰেপ্তাৰ হোৱা ৪ অভিযুক্তক।
  • ৪ অভিযুক্ত ক্ৰমে- বলোৰাম কলিতা, ভৱেশ কলিতা, তাপস ঘোষ আৰু জাকিফৰ ৰহমান বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।
  • বিয়লি ভাগত আটাইকেইজনকে হাজিৰ কৰোৱা হ’ব আদালতত।
  • গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত আছে ডিএলএছ প্ৰতিষ্ঠানৰ ২ কৰ্মচাৰীও।
  • উল্লেখ্য যে, মঙলবাৰে বিয়লি ফাঁচী বজাৰৰ ফেডাৰেল বেংকৰ সমূখৰ পৰা ৪০ লাখ টকা লৈ উধাও হৈছিল অভিযুক্ত কেইজনে।
  • তাৰ পিছতেই আৰক্ষীয়ে অভিযান চলাই এনেদৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৪ জনকে।

The post মহানগৰীৰ ধন লুট ঘটনাৰে জড়িত ৪ জনক গ্ৰেপ্তাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NDqUOA
via IFTTT

Comments