এনআৰচি সন্দৰ্ভত বিতৰ্কিত বিধায়কক সংবাদমেল পাতিবলৈ নিদিলে বিজেপিয়ে

ডিজিটেল ডেস্কঃ এন আৰ চি প্ৰকাশৰ পূৰ্বে এক সংবাদ মেলৰ আয়োজন কৰিছিল হোজাই সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্যদেৱে। লক্ষণীয়ভাৱে বিজেপিৰ বিধায়কজনে শেষ মুহূৰ্তত এই সংবাদমেল বাতিল কৰিলে। এন আৰ চি সন্দৰ্ভত ইতিমধ্যে বহু বিতৰ্কিত মন্তব্য কৰি আহিছিল এইগৰাকী বিধায়কে। সেই মন্তব্যক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ।

শুকুৰবাৰে বিধায়কজনে আয়োজন কৰা সংবাদমেলতো অনুৰূপ মন্তব্য কৰাৰ সম্ভাৱনা আছিল। অৱশ্যে বিজেপিৰ শীৰ্ষ মহলে বিধায়কজনক এই সংবাদমেল বাতিল কৰিবলৈ হেঁচা দিছিল বুলি জানিব পৰা গৈছে। তাৰ পিছতে তেওঁ সংবাদমেল বাতিল কৰে।

The post এনআৰচি সন্দৰ্ভত বিতৰ্কিত বিধায়কক সংবাদমেল পাতিবলৈ নিদিলে বিজেপিয়ে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2LjvCye
via IFTTT

Comments