পৰিস্থিতি স্বাভাৱিক! জম্মু-কাশ্মীৰৰ ৫ জিলাত মুকলি মোবাইল ফোন সেৱা….

ডিজিটেল ডেস্কঃ ৩৭০ ধাৰা প্ৰত্যাহাৰৰ পাচত ক্ৰমান্বয়ে স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিছে জম্মু-কাশ্মীৰত । জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰৰে পৰা কেইবাখনো জিলাত মুকলি কৰা হৈছে মোবাইল ফোন সেৱা।

বৃহস্পতিবাৰে ডৌডা, কিশ্তৱাড়া, ৰামৱন, ৰাজৌৰি আৰু পুঞ্জ জিলাত মুকলি কৰা হৈছে মোবাইল ফোন সেৱা। কিন্তু জিলাকেইখনত বৰ্তমানেও বন্ধ আছে ইন্টাৰনেট সেৱা।

ইয়াৰ পূৰ্বে যোৱা ৫ আগষ্টত জম্মু-কাশ্মীৰৰ আম ৫ জিলাৰ মোবাইল ফোন সেৱা মুকলি কৰি দিয়া হৈছিল। উল্লেখ্য যে, যোৱা কিছুদিনৰ পৰা বিদ্যালয়সমূহৰ লগতে খোলা হৈছে চৰকাৰী কাৰ্যালয়সমূহো।

The post পৰিস্থিতি স্বাভাৱিক! জম্মু-কাশ্মীৰৰ ৫ জিলাত মুকলি মোবাইল ফোন সেৱা…. appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/34bqgOq
via IFTTT

Comments