পাকিস্তানৰ কাপুৰুষালি! সন্ত্ৰাসবাদীক প্ৰশিক্ষণ প্ৰদান কৰি সাগৰীয় পথেৰে প্ৰৱেশ কৰোৱাই ভাৰতত আক্ৰমণ চলোৱাৰ ব্লুপ্ৰিন্ট…

ডিজিটেল ডেস্কঃ সাগৰীয় পথেৰে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ভাৰতৰ ওপৰত কৰিব পাৰে আক্ৰমণ। চোৰাংচোৱা সংস্থাৰ ইতিমধ্যে আগজাননী কৰিছে যে, সাগৰীয় পথেৰে আহি পাকিস্তানৰ পৰা আহি সন্ত্ৰাসবাদীয়ে গুজৰাটৰ কচ্ছক কাণ্ডলা বন্দৰত চলাব পাৰে আক্ৰমণ। চোৰাংচোৱাৰ এই আগজাননীৰ পাছতে গুজৰাটৰ সকলো নৌকা বন্দৰতে সুৰক্ষা বৃদ্ধি কৰাৰ উপৰি জাৰি কৰা হৈছে হাই এৰ্লাট।
চোৰাংচোৱাৰ মতে, পাকিস্তানত প্ৰশিক্ষণ লৈ অহা সন্ত্ৰাসবাদীয়ে সাগৰীয় পথেৰে গুজৰাটত প্ৰৱেশ কৰি বৃহৎ কূটাঘাটমূলক ঘটনা সংঘটিত কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ বাবে জেইছ ঈ মহম্মদৰ এদল সন্ত্ৰাসবাদীক পাকিস্তানে প্ৰদান কৰিছে নৌসেনাৰ প্ৰশিক্ষণ। অৱশ্যে এই সমগ্ৰ বিষয়ক লৈ সৰ্তক হৈ আছে ভাৰতীয় নৌ সেনা। নৌ সেনাৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে সন্ত্ৰাসবাদীৰ সকলো ষড়যন্ত্ৰ নিশেষ কৰিবলৈ সাজু ভাৰতীয় নৌ সেনা।
The post পাকিস্তানৰ কাপুৰুষালি! সন্ত্ৰাসবাদীক প্ৰশিক্ষণ প্ৰদান কৰি সাগৰীয় পথেৰে প্ৰৱেশ কৰোৱাই ভাৰতত আক্ৰমণ চলোৱাৰ ব্লুপ্ৰিন্ট… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Ldh8zW
via IFTTT
Comments
Post a Comment