সাৱধানঃ গুৱাহাটীত অলা বাহনৰ চালকে লুটিলে যাত্ৰীৰ ধন..

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীত অলা গাড়ী তথা চালকৰ বিৰুদ্ধে সময়ে সময়ে বিভিন্ন অভিযোগ থকাৰ মাজতে যাত্ৰীৰ ধন লুটৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। জানিব পৰা মতে, পলাতক হৈ থকা ধৃত ডকাইতৰূপী ওলাৰ গাড়ী চালক গৰাকী সঞ্জীৱ পাল বুলি যাত্ৰীগৰাকীয়ে জনায়।
ঘটনাৰ বিৱৰণী মতে, লখিমপুৰৰ পৰা গুৱাহাটীলৈ অহা যুৱকজনে মহানগৰীৰ কামাখ্যাৰ পৰা লখিমীনগৰলৈ এ এছ ০১ জি চি ১০৫৭ নম্বৰৰ ওলা গাড়ীখন অনলাইন কৰি বুকিং কৰিছিল । তাৰপিছতে গাড়ীখন নিৰ্দিষ্ট স্থানত আহি লখিমপুৰ পৰা অহা যাত্ৰীগৰাকীক লৈ মহানগৰীৰ লখিমীনগৰলৈ যোৱা যাত্ৰা পথৰ আদবাটতে নমাই জোৰজবৰদস্তি কৰি নগদ ২০০০ টকা ভাড়া বাবদ ধন লুট কৰি নিয়ে।
ইফালে এই ঘটনাৰ পিছতে লখিমী নগৰৰ নিজৰ ককাইদেউ ঘৰলৈ বুলি অহা অসহায় যুৱক গৰাকীয়ে অলাৰ চালক গৰাকীৰ সৈতে বাক বিতণ্ডা কৰে যদিও ধন ঘুৰোৱা পৰিৱৰ্তে ওলোটাই ভাবুকি দি গাড়ী চালক গৰাকীয়ে ধন লুট কৰি উধাও হয়।
পিছত যুৱক গৰাকীয়ে আত্মীয়ক ফোনযোগে ঘটনা জনায় আৰু আৰক্ষীৰ ওচৰত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে। ঘটনা সন্দৰ্ভত গাড়ী চালকক বিচাৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
The post সাৱধানঃ গুৱাহাটীত অলা বাহনৰ চালকে লুটিলে যাত্ৰীৰ ধন.. appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/30NXYra
via IFTTT
Comments
Post a Comment