তৃণমূল কৰ্মী আৰু আৰক্ষীক প্ৰহাৰ কৰিবলৈ কোৱা বিজেপিৰ প্ৰদেশ সভাপতিৰ বিৰুদ্ধে গোচৰ ৰুজু

ডিজিটেল ডেস্কঃ বিতৰ্কিত মন্তব্য কৰি এইবাৰ বিপদত পৰিছে পশ্চিম বংগৰ প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ ঘোষ। তৃণমূল কংগ্ৰেছৰ অভিযোগৰ ভিত্তিত বিজেপি নেতাজনৰ বিৰুদ্ধে কলাঘাট আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য যে, পশ্চিম বংগত তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ মাজৰ সংঘাতৰ পৰিপ্ৰেক্ষিত প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ ঘোষে বিজেপিৰ কৰ্মীসকলক তৃণমূলক লৈ ভীতিগ্ৰস্থ নহ’বলৈ আহ্বান জনাইছিল। তেওঁ কৈছিল- ‘তৃণমূলৰ গুণ্ডাবাহিনী আৰু আৰক্ষীক লৈ ভীতিগ্ৰস্থ হোৱাৰ দৰকাৰ নাই। যদি আপোনাৰ ওপৰত আক্ৰমণ হয়, তেন্তে আপুনি তৃণমূল কৰ্মী আৰু আৰক্ষীক প্ৰহাৰ কৰক। ভয় নাখাব। পিছত কিবা হ’লে আমি আছো।’
নেতাগৰাকীৰ এনে আপত্তিজনক মন্তব্যৰ পিছতে তৃণমূল কংগ্ৰেছে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। দিলীপ ঘোষ আৰু বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি দিলীপ ঘোষক ৰাজহুৱা ক্ষমা খুজিবলৈও দাবী জনায় তৃণমূল কৰ্মীয়ে। ইফালে বিজেপি নেতাজনৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছে কলাঘাট আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে।
The post তৃণমূল কৰ্মী আৰু আৰক্ষীক প্ৰহাৰ কৰিবলৈ কোৱা বিজেপিৰ প্ৰদেশ সভাপতিৰ বিৰুদ্ধে গোচৰ ৰুজু appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2HIRhPF
via IFTTT
Comments
Post a Comment