শ্ৰীকৃষ্ণৰ মুৰুলী বাদনৰ ৰহস্য ক’লে অসমৰ বিজেপি বিধায়কে! অধিক গাখীৰ পাবলৈ বজাবলৈ শিকক কৃষ্ণৰ দৰে বাঁহী

ডিজিটেল ডেস্কঃ বাঁহী বজাই গাই খীৰালে গাখীৰ বেছিকৈ ওলায়। -এয়া এজন বিজেপি নেতাৰ দাবী। বিভিন্ন বিষয়ত নিজৰ পাৰদৰ্শিতাৰ প্ৰমাণ দিবলৈ গৈ প্ৰায়ে ৰাজনৈতিক নেতাই কেতবোৰ অদ্ভূত মন্তব্য কৰে। হনুমানৰ জাতি বিচাৰ কৰা, ভগৱান শ্ৰীৰামক আদিৱাসী আখ্যা দিয়াৰ দৰে মন্তব্য প্ৰায়ে নেতাসকলে কৰে। একেদৰেই এইবাৰ অসমৰ এগৰাকী বিজেপি নেতাই ফাদিল কৰিলে শ্ৰীকৃষ্ণৰ মুৰুলী বাদনৰ ৰহস্যও।

শিলচৰ সমষ্টিৰ দুবাৰকৈ বিজেপি বিধায়ক দিলীপ কুমাৰ পালে এক জনসভা সম্বোধন কৰাৰ সময়ত দাবী কৰিছে যে গাখীৰ খীৰোৱাৰ সময়ত যদি শ্ৰীকৃষ্ণই বজোৱাৰ দৰে বাঁহী বজোৱা হয়, তেন্তে গাই গৰুৱে বেছি গাখীৰ দিয়ে। শিলচৰত এক সাংস্কৃতিক সমাৰোহত উপস্থিত থাকি দিলীপ কুমাৰ পালে কৰা এনে মন্তব্যৰ লগতে দাবী কৰিছে যে এয়া এক ৰিচাৰ্ছ টীমৰ দ্বাৰা ইতিমধ্যেই প্ৰমাণিত হৈছে।

‘প্ৰাচীন যুগত যিবোৰ টেকনিক ব্যৱহাৰ কৰা হৈছিল, সেয়াই আধুনিক যুগত বিজ্ঞান হৈ পৰিছে। শ্ৰীকৃষ্ণই এনেয়ে টাইমপাছ কৰিবলৈ বাঁহী বজোৱা নাছিল। তেওঁৰ যি সুৰত মুৰুলী বজাইছিল, সেই সুৰত যদি গাই গৰুৰ সন্মুখত বজোৱা হয়, তেন্তে গৰুৱে অধিক গাখীৰ দিব।’ -শনিবাৰে এই মন্তব্য কৰিছিল বিধায়কগৰাকীয়ে।

ইফালে বিধায়কগৰাকীৰ এনে মন্তব্যক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত তেওঁ কৰা মন্তব্যৰ স্পষ্টীকৰণ দি কয়, ‘এয়া মই কোৱা কথা নহয়। গুজৰাটৰ এটা প্ৰতিভাশালী ৰিচাৰ্ছ টীমে ৰিচাৰ্ছৰ পিছত এয়া প্ৰমাণ হৈছে। গাখীৰৰ মাত্ৰা বৃদ্ধি কৰিবলৈকে শ্ৰীকৃষ্ণই বাঁহী বজাইছিল।’

The post শ্ৰীকৃষ্ণৰ মুৰুলী বাদনৰ ৰহস্য ক’লে অসমৰ বিজেপি বিধায়কে! অধিক গাখীৰ পাবলৈ বজাবলৈ শিকক কৃষ্ণৰ দৰে বাঁহী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NAKr27
via IFTTT

Comments