পিকনিক খাবলৈ গৈ নৈৰ সোঁতত উটি গ’ল ৩ বন্ধু…

ডিজিটল ডেস্কঃ ভূপালৰ কেৰৱা নদীবান্ধত পিকনিক খাবলৈ গৈ যোৱা ৩ বন্ধু সন্ধানহীন হোৱাৰ ঘটনাই শোকৰ সৃষ্টি কৰিছে। জানিব পৰা মতে সোমবাৰে পিকনিক খাবলৈ গৈ তিনি বন্ধু সোমবাৰৰ সন্ধিয়া ৫ বজাৰ পৰাই সন্ধানহীন হয়। নিশা উদ্ধাৰকাৰী দলে নৈৰ বুকুত অভিযান চলাই এজন যুৱকক জীৱন্তে উদ্ধাৰ কৰাৰ বিপৰীতে অন্য এজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, ভূপালৰ ইন্দ্ৰানগৰৰ নিৱাসী মুকেশ কৌশল, মকেশ হিৰৱে আৰু শংকৰলাল মণ্ডোলাই নামৰ ৩ বন্ধুৱে পিকনিক খাবলৈ গৈছিল কেৰৱা নদীবান্ধৰ সমীপত। নৈত গা ধুবলৈ যোৱাৰ সময়তে তিনিওজনক নৈৰ কোবাল সোঁতে উটুৱাই লৈ যায়। ইফালে উদ্ধাৰকাৰী দলে দুজনৰ সন্ধান লাভ কৰিলেও বাকী এজনৰ সন্ধান এতিয়াও লাভ কৰিবলৈ সক্ষম হোৱা নাই।

The post পিকনিক খাবলৈ গৈ নৈৰ সোঁতত উটি গ’ল ৩ বন্ধু… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Ht2jbD
via IFTTT

Comments