বিদেশত অধ্যয়ন কৰি থকা বিজেপি নেতাৰ পুত্ৰ সন্ধানহীন, সাগৰৰ পাৰত উদ্ধাৰ বেগ…

ডিজিটেল ডেস্কঃ বিটেইনৰ এম এছত অধ্যয়নৰত তেলেংগানাৰ এজন বিজেপি নেতাৰ পুত্ৰ যোৱা কেইবাদিনো হৈ আছে সন্ধানহীন। সোমবাৰে বিজেপি নেতা উদয় প্ৰতাপে পুত্ৰৰ সন্ধানহীন হৈ থকাৰ সন্দৰ্ভত লণ্ডন আৰক্ষীক অৱগত কৰে। লগতে তেও সংবাদমাধ্যমক জনায় যে, যোৱা ২১ আগষ্টত তেওৰ পুত্ৰ উজ্জল শ্ৰীহৰ্ষই শেষবাৰৰ বাবে কথা পাতিছিল মাকৰ সৈতে। ২২ আগষ্টৰ দিনা পুনৰ পুত্ৰক ফোন কৰিছিল যদিও কোনো উত্তৰ পোৱা নাছিল পৰিয়ালে। উল্লেখ্য যে, মেধাৱী ছাত্ৰজনৰ বেগটো ইতিমধ্যে উদ্ধাৰ কৰা হৈছে সাগৰৰ পাৰত।
The post বিদেশত অধ্যয়ন কৰি থকা বিজেপি নেতাৰ পুত্ৰ সন্ধানহীন, সাগৰৰ পাৰত উদ্ধাৰ বেগ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2zrd3ml
via IFTTT
Comments
Post a Comment