প্ৰাতঃভ্ৰমণলৈ ওলাই অহা বিজেপি নেতাৰ সন্মুখতে ‘গ’ বেক’ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত তৃণমূল কংগ্ৰেছৰ

ডিজিটেল ডেস্কঃ পশ্চিম বংগত বিজেপি-তৃণমূল কংগ্ৰেছৰ ৰাজনৈতিক যুদ্ধই যেন তীব্ৰ ৰূপ ধাৰণ কৰিছে। ইটো দলে আনটো দলৰ নেতা-কৰ্মীক দেখিলেই যেন উদ্যত হৈ পৰে আক্ৰমণ কৰিবলৈ। তেনে পৰিস্থিতিত দুয়োটা দলৰ নেতা কৰ্মীৰ আপত্তিজনক টিপ্পনীয়েও এতিয়া সৰৱ চৰ্চা লাভ কৰিছে। শেহতীয়াকৈ বিজেপিৰ পশ্চিম বংগ প্ৰদেশৰ সভাপতি দিলীপ ঘোষে তৃণমূলৰ ‘গুণ্ডা’ বাহিনী আৰু আৰক্ষীলৈ ভয় নকৰিবলৈ বিজেপি কৰ্মীক কৈ যদি আৰক্ষী বা তৃণমূল কৰ্মীয়ে প্ৰহাৰ কৰে তেন্তে ওলোটাই প্ৰহাৰ কৰিবলৈ জনোৱা আহ্বানে ৰাজ্যখনৰ ৰাজনৈতিক মহল উত্তপ্ত কৰি তুলিছে। আনহাতে নেতাগৰাকীৰ বিৰুদ্ধে গোচৰো ৰুজু কৰি তদন্ত চলাইছে আৰক্ষীয়ে।
ইফালে, শুকুৰবাৰে পুৱাই প্ৰাতঃ ভ্ৰমণলৈ ওলাই অহা বিজেপি নেতা দিলীপ ঘোষে লেক টাউনত নিজৰ বাসগৃহৰ সমীপত চলা ফূৰা কৰি থকা সময়তে একাংশ তৃণমূল কৰ্মীয়ে তেওঁক ঘেৰি ধৰি ‘দিলীপ ঘোষ গ’ বেক’, ‘বিজেপি মুৰ্দাবাদ’ আদি ধ্বনিৰে উত্তাৰ কৰি তোলে। প্ৰায় অৰ্ধশতাধিক তৃণমূল কৰ্মীয়ে দিলীপ ঘোষৰ সন্মুখত চলোৱা এই প্ৰতিবাদকালত একাংশই বিজেপি নেতাগৰাকীক আক্ৰমণ কৰা বুলিও অভিযোগ উঠিছে।
উল্লেখ্য যে, প্ৰাতঃ ভ্ৰমণৰ সমান্তৰালভাৱে শুকুৰবাৰে দিলীপ ঘোষে বিজেপিৰ ‘চাহৰ সৈতে চৰ্চা’ অভিযানত অংশ লোৱাৰ কথা আছিল। বিজেপিয়ে এই অভিযানৰ জৰিয়তে সাধাৰণ নাগৰিকৰ সৈতে বাৰ্তালাপ কৰি আহিছে। অন্যহাতে তৃণমূল কংগ্ৰেছেও ‘দিদি কে বোলো’ৰ জৰিয়তে মমতা বেনাৰ্জীয়েও ৰাজ্যখনৰ বিভিন্ন জিলাত উপস্থিত হৈ তাৰ সাধাৰণ নাগৰিকৰ সৈতে বাৰ্তালাপ কৰাৰ অভিযান আৰম্ভ কৰিছে।
বিজেপি নেতা দিলীপ ঘোষে মমতা বেনাৰ্জীৰ এই অভিযানক বিজেপিৰ ‘চাহৰ সৈতে চৰ্চা’ অভিযানৰ নকল বুলি অভিহিত কৰাৰ পিছতে বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে অধিক সৰৱ হৈ পৰিছে তৃণমূল কংগ্ৰেছে। তেনে পৰিপ্ৰেক্ষিততে শুকুৰবাৰে পুৱাই নেতাজনে প্ৰাতঃ ভ্ৰমণলৈ ওলাই অহাৰ সময়ত তৃণমূলৰ কৰ্মীয়ে নেতাগৰকাৰীৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
The post প্ৰাতঃভ্ৰমণলৈ ওলাই অহা বিজেপি নেতাৰ সন্মুখতে ‘গ’ বেক’ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত তৃণমূল কংগ্ৰেছৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2LgghyD
via IFTTT
Comments
Post a Comment