ছিপাঝাৰত গছপুলি ৰোপন কৰিবলৈ আহি থলুৱা কৃষক ৰাইজৰ ক্ষোভৰ সন্মুখীন মন্ত্ৰী প্ৰমিলাৰানী ব্ৰহ্ম

ডিজিটেল সংবাদ, ছিপাঝাৰঃ ছিপাঝাৰৰ চৰ অঞ্চলৰ গন্ধীয়াপথাৰত সোমবাৰে ভূমি সংৰক্ষণ বিভাগৰ বনানীকৰন আঁচনি শুভাৰম্ভ কৰিবলৈ আহি থলুৱা কৃষক ৰাইজৰ ক্ষোভৰ সন্মুখীন হবলগীয়া হয় মন্ত্ৰী প্ৰমিলাৰানী ব্ৰহ্ম। উল্লেখ্য যে, ভূমি বেদখলকাৰী সন্দেহ যুক্ত বাংলাদেশীৰ আগ্ৰাসন ৰোধ কৰাৰ বাবে বনানীকৰন আঁচনি গ্ৰহণ কৰা হৈছিল যদিও থলুৱাৰ কৃষি ভূমিতহে গছপুলি ৰোপন কৰিবলৈ লোৱাত মন্ত্ৰী প্ৰমিলাৰানী ব্ৰহ্মৰ সন্মুখতে থলুৱা কৃষক ৰাইজে ধৰ্না দি পৰিবেশ উত্তাল কৰি তোলে।
থলুৱাৰ কৃষি ভূমিৰ পৰিৱৰ্তে সন্দেহযুক্ত বাংলাদেশীৰ দখলত থকা ভূমিত বনানীকৰন আঁচনি ৰূপায়নৰ দাবী তোলে। ক্ষোভৰ সন্মুখীন হৈ মন্ত্ৰী গৰাকীয়ে থলুৱা কৃষকসকলৰ কৃষিভূমিত গছপুলি ৰোপন নকৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাতহে পৰিস্থিতি শান্ত হয়।
The post ছিপাঝাৰত গছপুলি ৰোপন কৰিবলৈ আহি থলুৱা কৃষক ৰাইজৰ ক্ষোভৰ সন্মুখীন মন্ত্ৰী প্ৰমিলাৰানী ব্ৰহ্ম appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZrsaL9
via IFTTT
Comments
Post a Comment