হোজাইত ৪ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান আদালতৰ…

ডিজিটেল সংবাদ, হোজাইঃ সুদীৰ্ঘ ৬ বছৰৰ অন্তত ন্যায় পালে পিনাকী দে’ৰ দুৰ্ভগীয়া পৰিয়ালটোৱে।হোজাইৰ শংকৰদেৱ নগৰ অতিৰিক্ত জিলা ও চেছনচ ন্যায়ধীশৰ আদালতে শুকুৰবাৰে ৰায়দান প্ৰদান কৰি পিনাকী দে’ৰ হত্যাকাণ্ডৰ চাৰি মুল হত্যাকাৰীক‌ যাৱজ্জীৱন কাৰাদাণ্ড বিহিলে আদালতে।

উল্লেখযোগ্য‌ যে, ২০১৩ চনৰ ১৪ অক্টোবৰত বিজয়া দশমীৰ দিনা লংকা চহৰৰ মাজমজিয়াত সংঘটিত হৈছিল সেই চাঞ্চল্যকৰ হত্যাকাণ্ডটো। লংকাৰ গোপাল আশ্ৰমৰ সন্মুখৰ নেতাজী ৰোডত নিজ বাহনত বহি থকা অৱস্থাত চাৰি দুৰ্বৃত্তই দলবদ্ধ আক্ৰমণ চলাই নৃশংসতাৰে হত্যা কৰিছিল পিনাকী দে’ক।

হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতেই ৪ অভিযুক্ত ক্ৰমে বিপুল দে’, অচিন্ত দে’, কৃষ্ণ দে’ আৰু মুন্না দত্তৰ বিৰুদ্ধে লংকা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল পিনাকী দে’ৰ পৰিয়ালে।আৰু অৱশেষত হোজাইৰ শংকৰদেৱ নগৰৰ অতিৰিক্ত জিলা ও চেছনচ ন্যায়ধীশৰ আদালতত চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত চাৰি হত্যাকাৰী ক্ৰমে বিপুল দে, অচিন্ত দে, কৃষ্ণ দে আৰু পমুন্না দত্তক আদালতে দোষী সাব্যস্ত কৰাৰ লগতে ভাৰতীয়‌ দণ্ড বিধি আইনৰ ৩০২ ধাৰাত যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে প্ৰতিজনক ৫০ হাজাৰ টকাকৈ জৰিমণা বিহে।

এই গোচৰত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল অধিবক্তা অমৰজ্যোতি শইকীয়াৰ লগতে অধিবক্তা সুৰজিত শইকীয়া,বিশ্বজিৎ ভট্টাচাৰ্য আৰু উৎপল চন্দ্ৰ দাসে ।ইফালে,পিনাকী দে’ৰ হত্যাকাণ্ডৰ হত্যাকাৰীক আদালতে প্ৰদান কৰা শাস্তিৰ পিছতেই সন্তুষ্টি প্ৰকাশ কৰিলে পিনাকী দে’ৰ পৰিয়ালবৰ্গই ।

The post হোজাইত ৪ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান আদালতৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZESgdy
via IFTTT

Comments