দলগাঁৱত নৱাগত আদৰণি সভাৰ পৰা ঘূৰি অহা পথত ৰহস্যজনকভাৱে ছাত্ৰীৰ মৃত্যু…

- দৰঙৰ দলগাঁৱত সংঘটিত হৈছে এক কৰুণ ঘঠনা।
- দলগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰীক চুৰিকাঘাট।
- চিকিৎসালয়ত মৃত্যুৰ মুখত পৰিছে এই ছাত্ৰীগৰাকী।
- দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ পৰা উভতি আহিছিল ছাত্ৰীগৰাকী।
- চিকিৎসালয়লৈ নিয়া পাছত চিকিৎসকে মৃত্যু ঘোষণা কৰে ছাত্ৰীগৰাকীক।
- এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।
- কি কাৰণত দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীৰ সৈতে এই পৰিস্থিতি হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
- চুৰিৰে আঘাত হনা ছাত্ৰীগৰাকী পথৰ কাষত মৃত্যুৰ সৈতে যুঁজি আছিল।
- ছাত্ৰীগৰাকীৰ নাম মণিমালা ভৌমিক।
The post দলগাঁৱত নৱাগত আদৰণি সভাৰ পৰা ঘূৰি অহা পথত ৰহস্যজনকভাৱে ছাত্ৰীৰ মৃত্যু… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Nx2lmm
via IFTTT
Comments
Post a Comment