বিশ্বনাথত পথৰ ওপৰত বাগৰিল বাহন, থিতাতে নিহত এজন, আহত ৭

ডিজিটেল ডেস্কঃ বিশ্বনাথত সংঘটিত হৈছে এখ ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰিল এখন ছুম’ বাহন। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই ঘটনাত থিতাতে নিহত হৈছে এজন। নিহত চালকজনৰ নাম কালু বুলি জানিব পৰা গৈছে।

ইফালে ঘটনাটোত আহত হৈছে ৭জন লোক। সাধাৰুত সংঘটিত এই ঘটনাত আহত সকল হৈছে ক্ৰমে মইনা বড়ো, লামু পাদা, সঞ্জয় সাগৰ, চুম্পী গুম্পা, মইনা টানা, প্ৰেমা লাজু আৰু ৰিমজিম লাহমু। বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আহতসকলক।

The post বিশ্বনাথত পথৰ ওপৰত বাগৰিল বাহন, থিতাতে নিহত এজন, আহত ৭ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NyOBrg
via IFTTT

Comments