জম্মু-কাশ্মীৰত এনে পৰিৱেশৰ সৃষ্টি কৰিম যে পিঅ’কেৰ লোকেও ক’ব- এনে সুন্দৰ ঠাই ক’তো নাইঃ ৰাজ্যপাল সত্যপাল মালিক

ডিজিটেল ডেস্কঃ পুনৰ এবাৰ কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে জম্মু-কাশ্মীৰৰ ৰাজ্যপাল সত্যপাল মালিক। ৰাজ্যপালগৰাকীয়ে সোমবাৰে ৰাহুল গান্ধীৰ কাশ্মীৰ ভ্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে তেওঁ ৰাহুল গান্ধীক জম্মু-কাশ্মীৰ ভ্ৰমণৰ বাবে দিয়া নিমন্ত্ৰণক কংগ্ৰেছ নেতাগৰাকীয়ে অতি গভীৰভাৱে লৈছে।

ৰাজ্যপাল সত্যপাল মালিকে কয়, ‘মই ৰাহুল গান্ধীক কৈছিলো যে যদি তেওঁ জম্মু-কাশ্মীৰৰ পৰিস্থিতিৰ বিষয়ে আমি কোৱা কথা বিশ্বাস নকৰে, তেন্তে আহি চাই যাব পাৰে। কিন্তু ৰাহুলে পিছত জম্মু-কাশ্মীৰত নজৰবন্দী হৈ থকা নেতাসকলক সাক্ষাৎ কৰিব বিচাৰে আৰু সেনাকো লগ কৰিব বিচাৰে। তেতিয়া মই তেওঁক কও যে মই এয়া স্বীকাৰ কৰিব নোৱাৰো আৰু গোটেই বিষয়টো মই প্ৰশাসনৰ হাতত এৰি দিও।’

উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ উঠাই লোৱাৰ পিছতে জম্মু-কাশ্মীৰৰ পৰিস্থিতি ভয়াবহ হোৱা বুলি দাবী কৰিছিল কংগ্ৰেছকে ধৰি বিৰোধীয়ে। তাৰ বিপৰীতে ৰাজ্যপাল সত্যপাল মালিকে ৰাজ্যখনৰ পৰিস্থিতি সুস্থিৰ বুলি দাবী কৰি প্ৰয়োজন হ’লে ৰাহুল গান্ধীয়ে সেয়া নিজেই প্ৰত্যক্ষ কৰি যাব পাৰে বুলি নিমন্ত্ৰণ দিছিল। সত্যপাল মালিকৰ এই নিমন্ত্ৰণৰ পিছতে বিৰোধীৰ ১২ নেতাই দিল্লীৰ পৰা জন্মু-কাশ্মীৰলৈ ৰাওনা হয় যদিও শ্ৰীনগৰ বিমান বন্দৰৰ পৰাই তেওঁলোকক ঘূৰাই পঠিওৱা হয়।

ইফালে ৰাজ্যপাল সত্যপাল মালিকে এয়াও দাবী কৰে যে আগন্তুক কেইটামান দিনৰ ভিতৰতে জম্মু-কাশ্মীৰত এনে পৰিৱেশৰ সৃষ্টি হ’ব, য’ত পাক অধিকৃত কাশ্মীৰৰ নিৱাসীয়েও জম্মু-কাশ্মীৰত বাস কৰাৰ ইচ্ছা ব্যক্ত কৰিব। তেওঁ কয়, ‘আমি সংবিধানৰ ধাৰা ৩৭০ বিলুপ্তি ঘটাইছো। এতিয়া আমি সকলোকে একগোট হৈ কাম কৰি জম্মু-কাশ্মীৰৰ পৰিৱেশ এনেদৰে সৃষ্টি কৰিম, যাতে পিঅ’কেৰ লোকেও জম্মু-কাশ্মীৰক সবাতকৈ সুন্দৰ ঠাই বুলি ক’বলৈ আৰম্ভ কৰিব।’

The post জম্মু-কাশ্মীৰত এনে পৰিৱেশৰ সৃষ্টি কৰিম যে পিঅ’কেৰ লোকেও ক’ব- এনে সুন্দৰ ঠাই ক’তো নাইঃ ৰাজ্যপাল সত্যপাল মালিক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Hqa7L6
via IFTTT

Comments