মাত্ৰ কেইটামান মুহুৰ্ত, ১০ বজাত প্ৰকাশ পাব এন আৰ চিৰ চূড়ান্ত তালিকা

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ বাবে মাজত মাত্ৰ কেইটামান মুহুৰ্ত বাকী। ৩১ জুলাইৰ পুৱা ১০ বজাত প্ৰকাশ পাব এন আৰ চিৰ চূড়ান্ত তালিকা। এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ে জানিবলৈ দিয়া অনুসৰি এন আৰ চিৰ ৱেবচাইট, এন এছ কে, চক্ৰ বিষয়াৰ কাৰ্যালয়, জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপলব্ধ হ’ব চূড়ান্ত এন আৰ চিৰ সংশোধনী অন্তৰ্ভুক্তি তালিকা।
২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশ কৰা খচৰাত নাম নথকা সকলৰো নাম এই তালিকাত সন্নিৱিষ্ট হ’ব। ২৬ জুনত প্ৰকাশ কৰা অতিৰিক্ত বাদ দিয়া তালিকাৰ জৰিয়তে সম্পূৰ্ণ খচৰাৰ পৰা বাদ পৰা সকলৰো নাম এই চূড়ান্ত এন আৰ চিত প্ৰকাশ পাব।
সৃষ্টি হ’ব পৰা যিকোনো পৰিৱেশ-পৰিস্থিতি মোকাবিলা কৰাৰ বাবে প্ৰস্তুত ৰাজ্যৰ আৰক্ষী তথা জিলা প্ৰশাসন। যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হ’ব পৰা সম্ভাব্য জিলাসমূহত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। আৰক্ষীয়ে সাধাৰণ লোকৰ লৈকে সজাগতা মূলক কাৰ্যসূচীও ৰূপায়ন কৰিছে।
অসমীয়া জাতীয় জীৱনৰ বাবে এন আৰ চি হ’ব এক আগ্ৰহৰ দলিল স্বৰূপ।
The post মাত্ৰ কেইটামান মুহুৰ্ত, ১০ বজাত প্ৰকাশ পাব এন আৰ চিৰ চূড়ান্ত তালিকা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZD70Wh
via IFTTT
Comments
Post a Comment