আইএছএলৰো মধ্যমণি হ’ল হিমা

ডিজিটেল ডেস্কঃ এতিয়া চৌদিশে কেৱল হিমাময়। পঞ্চম আইএছএলৰ উদ্বোধনী অনুষ্ঠানত কলকাতা ছ’নলেক ষ্টেডিয়ামত তাৰকা খেলুৱৈসকলৰ সৈতে দেখা পোৱা গ’ল হিমাক। নীতা আম্বানীৰ হাতত ফুটবল তুলি দিছিল হিমাই। অতি কম দিনৰ ভিতৰতে তাৰকা হৈ পৰা অসমৰ হিমা দাসৰ কাষত আছিল সৌৰভ গাংগুলি, অভিষেক বচ্চন আদি।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে শচীন তেণ্ডুলকাৰকো সাক্ষাৎ কৰিছিল হিমাই। বহুজাতিক কোম্পানীৰ পৰা আৰম্ভ কৰি দেশৰ তাৰকা খেলুৱৈ তথা ফিল্ম ষ্টাৰসকলৰো আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কান্ধুলীমাৰীৰ হিমা।

ইফালে, আইএছএলৰ প্ৰথমখন খেলত পৰাস্ত হ’ল দুবাৰকৈ চেম্পিয়ন এটিকে। কেৰালা ব্লাষ্টাৰছে এটিকেক ২-০ ব্যৱধানত পৰাস্ত কৰে। আৰম্ভণিৰে পৰা সুন্দৰ খেলেৰে কেৰালা দলটোৱে ঘৰুৱা দলটোক আক্ৰমণৰ কোনো সুযোগেই নিদিলে। বিৰতিৰ পাছত ৭৭ মিনিটত এটিকেৰ হৈ মাহেশ পপলাণ্টিকে প্ৰথমটো গ’ল কৰে। তাৰপাছত ৮৬ মিনিটত দ্বিতীয়টো গ’ল কৰে শ্লাভিছাই।

The post আইএছএলৰো মধ্যমণি হ’ল হিমা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NTi2pk
via IFTTT

Comments