টেলিগ্ৰাফ স্কুলছ এৱাৰ্ড ফৰ এক্সেলেন্স-২০১৮ অসম জাতীয় বিদ্যালয়লৈ

ডিজিটেল ডেস্কঃ টেলিগ্ৰাফ একাডেমি ফাউণ্ডেশ্যনে শিক্ষা ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে মেধাবী ছাত্ৰ-ছাত্ৰীক জলপাণি আৰু শিক্ষাৰে জড়িত বিশিষ্ট লোকসকলক সন্মান জনাই আহিছে।

চলিত বৰ্ষৰ দৰে ২০১৮বৰ্ষতো টেলিগ্ৰাফে উত্তৰ-পূবৰ ১০খন শিক্ষানুষ্ঠানক শ্ৰেষ্ঠত্ব বঁটা প্ৰদান কৰে। শিক্ষাখণ্ডত বিশেষ সেৱা আগবঢ়োৱাৰ বাবে প্রথম বাৰৰ বাবে দ্য টেলিগ্ৰাফ স্কুলছ এৱাৰ্ড ফৰ এক্সেলেন্স-২০১৮ সন্মান আগবঢ়োৱা হৈছে অসম জাতীয় বিদ্যালয়লৈ।

এই অনুষ্ঠানটোতেই বিশেষভাৱে সক্ষম শিক্ষাৰ্থীকে ধৰি ৫২জনকৈ মেধাৱী ছাত্ৰ-ছাত্ৰীক জলপাণি প্ৰদান কৰে টেলিগ্ৰাফ একাডেমি ফাউণ্ডেশ্যনে। মাছখোৱা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম জাতীয় বিদ্যালয়ৰ হৈ বিদ্যালয়খনৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে এই সন্মান গ্ৰহণ কৰে।

The post টেলিগ্ৰাফ স্কুলছ এৱাৰ্ড ফৰ এক্সেলেন্স-২০১৮ অসম জাতীয় বিদ্যালয়লৈ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OVsWHL
via IFTTT

Comments