লুইছ বাৰ্জাৰ কেলেংকাৰীঃ হিমন্ত বিশ্বক মোদী-শ্বাহে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ‘স্বৰাজ অসম’ৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ দেশৰ ৰাজনীতি কঁপাই থকা হাই প্ৰফাইল লুইছ বাৰ্জাৰ কেলেংকাৰীৰ তদন্তৰ অগ্ৰগতিক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে এই কেলেংকাৰীটোৰ বিৰুদ্ধে যুঁজ দি অহা স্বৰাজ অসমৰ আহ্বায়ক ভবেন সন্দিকৈয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ উপৰিও আমেৰিকাৰ ন্যায় বিভাগ, ফেডাৰেল ব্যুৰ’ অফ ইনভেষ্টিগেশ্যনত এই কেলেংকাৰীৰ তথ্য বিচাৰি যুঁজ অব্যাহত ৰখা ভবেন সন্দিকৈয়ে আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত কয় যে এই কেলেংকাৰীৰ পৰা ৰক্ষা পোৱাৰ স্বাৰ্থতে কংগ্ৰেছৰ পৰা বিজেপিলৈ গমন কৰা হিমন্ত বিশ্ব শৰ্মাক ৰক্ষণাবেক্ষণ দিছে মোডী-অমিত শ্বাহে।

হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থাকোতে যি বিজেপি দলে ‘Saga of Scams in Congress-Ruled Stated’ নামৰ পুস্তিকা প্ৰকাশ কৰি হিমন্ত বিশ্ব শৰ্মাক এই কেলেংকাৰীৰ মূল অভিযুক্ত বুলি অভিহিত কৰি এই কেলেংকাৰীৰ চি বি আইৰ দাবী জনাইছিল, সেই একেজন হিমন্ত বিশ্ব শৰ্মা বিজেপিত যোগদান কৰাৰ পাছত এতিয়া দলটোৰ বাবে ধোঁৱা তুলসীৰ পাত হ’ল। তেওঁক এই কেলেংকাৰীৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত চৰকাৰৰ ৰাজনৈতিক প্ৰভাৱ খটুৱাবলৈ কুণ্ঠাবোধ কৰা নাই বুলিও দাবী কৰে সন্দিকৈয়ে।

এইজন প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰহস্যজনক ভূমিকাৰ বাবেই সেই সময়ৰ তৰুণ গগৈ নেতৃত্বধীন চৰকাৰৰ বিত্ত বিভাগৰ প্ৰৱল বিৰোধিতা সত্বেও আন্ত:ৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানৰ সকলো নীতি-নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ দেখুৱাই নীতিবৰ্হিভূতভাবে কেনেকৈ লুইছ বাৰ্জাৰ নামৰ আমেৰিকান প্ৰতিষ্ঠানটোক ‘হিমন্ত বিশ্ব শৰ্মা এণ্ড হিজ কোম্পানী’য়ে ঠিকা আবন্টন দিছিল, তাক প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ চন্দ্ৰ দাসৰ তদন্ত প্ৰতিবেদনত স্পষ্টভাবে উল্লেখ থকা সত্বেও কেৱল ৰাজনৈতিক প্ৰভাৱৰ বাবেই এইবাৰ চি বি আইয়ে এই কেলেংকাৰীত নাম সাঙোৰ খাই থকা আমোলা-বিষয়া-মধ্যভোগীতে এই জেৰা সীমাবদ্ধ ৰাখিলে বুলিও সন্দিকৈয়ে অভিযোগ কৰে।

দুৰ্নীতিৰ ক্ষেত্ৰত সততে শূন্য সহনশীলতাৰ শ্ল’গান আওঁৰোৱা বিজেপি চৰকাৰৰ ৰাজনৈতিক প্ৰভাৱৰ বাবেই তদন্তকাৰী বিষয়া সকলৰ দক্ষতা-সততা আৰু আন্তৰিকতা থকা সত্বেও এই তদন্ত সঠিক দিশত আগ নাবাঢ়িব বুলি সন্দেহ ব্যক্ত কৰে স্বৰাজ অসমৰ আহ্বায়ক ভবেন সন্দিকৈ আৰু তৰুণ ডেকাই।

কেলেংকাৰীটোৰ সৈতে নাম সাঙোৰ খাই থকা প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তদন্তৰ আওতালৈ নানিলে, এই তদন্ত ভেঁকোভাওনাত পৰিণত হোৱাৰ লগতে ই যে এক নিৰ্বাচনকেন্দ্ৰিক আভুৱা-এই কথা প্ৰতীয়মান হ’ব বুলিও মন্তব্য কৰে নেতাদ্বয়ে। চৰকাৰে যদি সঁচা অৰ্থত এই তদন্ত সঠিক দিশত আগবঢ়াই নিব খুজিছে, তেন্তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো চি বি আইৰ তদন্তৰ আওঁতালৈ অনাৰ দাবী জনাইছে সংগঠনটোৰ নেতৃবৃন্দই।

The post লুইছ বাৰ্জাৰ কেলেংকাৰীঃ হিমন্ত বিশ্বক মোদী-শ্বাহে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ‘স্বৰাজ অসম’ৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2xO5nKl
via IFTTT

Comments