টোকলাই চাহ গৱেষণা প্রতিষ্ঠানত চাহ পর্যটন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে
অসমৰ চাহে হেৰুওৱা বজাৰ পুনৰুদ্ধাৰৰ বাবে পৰিকল্পিত আৰু বিজ্ঞান সন্মত চিন্তা-চৰ্চাৰে আগবাঢ়িব লাগিবঃ মুখ্যমন্ত্রী
ডিজিটেল ডেস্কঃ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে আজি যােৰহাটৰ টোকলাই চাহ গৱেষণা প্রতিষ্ঠানত অসম চৰকাৰৰ ‘উত্তৰণ’ আঁচনিৰ ছিগনেচাৰ প্রজেক্টৰ অধীনত ৰূপায়িত কৰিবলৈ লােৱা চাহ পর্যটন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে৷ এই উপলক্ষে আয়ােজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে কয় যে বিশ্ব বজাৰত অসমৰ চাহে তীব্র প্রত্যাহ্বানৰ মুখামুখি হ’বলগীয়া হৈছে। নতুন নতুন দেশ সমূহে চাহ উৎপাদনত মনােনিৱেশ কৰি এই প্রতিযােগিতা অধিক তীব্রতৰ কৰি তুলিছে। সেইবাবে আমাৰ ৰাজ্যখনত উৎপাদিত চাহৰ গুণগত মান উন্নত কৰিব লাগিব আৰু টোকলাই চাহ গৱেষণা প্রতিষ্ঠানে এই ক্ষেত্ৰত নেতৃত্ব বহন কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে চাহৰ বিশ্ব বজাৰত অসমৰ চাহে হেৰুওৱা বজাৰ পুনৰুদ্ধাৰৰ বাবে সুপৰিকল্পিত আৰু বিজ্ঞান সন্মত চিন্তা-চৰ্চাৰ প্রয়ােজন বুলি কয়। মুখ্যমন্ত্রীয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ ৰাজ্যখনৰ চাহ শিল্পৰ বিকাশৰ বাবে অতিশয় আগ্রহী আৰু ইয়াৰ বাবে প্রয়ােজনীয় সকলাে ধৰণৰ সহায়-সহযােগিতা আগবঢ়াব। ১৯১১ চনত স্থাপিত হােৱা টোকাই চাহ গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীসকলে নতুন নতুন গৱেষণাৰে অসমৰ চাহে বিশ্ব বজাৰ দখলৰ বাবে প্রয়ােজনীয় দিশসমূহ উদ্ভাৱন কৰি ৰাজ্যৰ অর্থনীতি শক্তিশালী কৰি তুলিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷
অনুষ্ঠানত ভাষণ দি বিত্ত মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে প্রতিগৰাকী বিধায়কৰ সৃজনীশীল আঁচনিৰ বাস্তৱসন্মত ৰূপায়নৰ পদক্ষেপৰ অংশ হিচাপে সমষ্টিভিত্তিক উত্তৰণ কাৰ্যসূচী ৰূপায়ন কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ লৈছে। চলিত বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে ইয়াৰ বাবে ১২৬০ কোটি টকা ব্যয় কৰিব বুলিও মন্ত্ৰী গৰাকীয়ে কয়। মন্ত্রী গৰাকীয়ে চাহ শিল্পলৈ নামি অহা হতাশাজনক প্রতিচ্ছবি আঁতৰ কৰিবলৈ গুণগত চাহ উৎপাদনত গুৰুত্ব আৰােপ কৰিব লাগিব বুলি কয়। মন্ত্রী গৰাকীয়ে চাহ বাগিছা এলেকাৰ প্রসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ হ্রাস কৰাৰ বাবে ৰাজ্য চৰকাৰে আঁচনি গ্ৰহণ কৰিছে বুলিও কয়৷
আজিৰ এই সভাত অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্র নাথ গােস্বামী, সাংসদ কামাখ্যা প্রসাদ তাচাইও ভাষণ দিয়ে। অনুষ্ঠানত টোকলাই চাহ গৱেষণা প্রতিষ্ঠানৰ অধ্যক্ষ প্রভাত কমল বেজবৰুৱা, সঞ্চালক অনুপ কুমাৰ বৰুৱাকে ধৰি চাহ বিজ্ঞানী, প্রতিষ্ঠানটোৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল।
আজিৰ এই অনুষ্ঠানতে টোকলাই চাহ গৱেষণা প্রতিষ্ঠানে গৱেষণাৰে উন্নয়ন সাধন কৰা ইয়েলাে টী আৰু গ্রীণ টীৰ পেকেট আনুষ্ঠানিকভাৱে মুকলি কৰে।
The post টোকলাই চাহ গৱেষণা প্রতিষ্ঠানত চাহ পর্যটন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2zGziWc
via IFTTT
Comments
Post a Comment