গোৱালপাৰা বালাচাৰী আমগুৰীত “সেউজী অসম-প্ৰদূষণ মুক্ত অসম” শীৰ্ষক সজাগতা সভা

ডিজিটেল ডেস্ক, গোৱালপাৰাঃ আজি গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত বন আৰু পৰিবেশ বিভাগ তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত বালাচাৰী আমগুৰী গাওঁত মূখ্যমন্ত্ৰীৰ নিকা আৰু সেউজ আচঁনিৰ ৰূপায়নৰ বাবে  এখনি  সজাগতা সভা সম্পন্ন হয় । আজিৰ সভাত সভাপতিত্ব কৰে স্থানীয় সমাজ সেৱক  ধীৰেন ৰাভাই  । উদ্ধোধনী ভাষণ প্ৰদান কৰে অতিৰিক্ত উপায়ুক্ত নুৰ হুছেইনে গছ পুলি ৰোপন আৰু সংৰক্ষণৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগীতাৰ বাবে ভাষণ প্ৰদান কৰে। সভাত  জিলা উপায়ুক্তা বৰ্নালী ডেকাই সমগ্ৰ গোৱালপাৰা জিলাত বাৰ লাখ গছপুলি ৰোপনৰ কথা উল্লেখ কৰি কয় যে প্ৰতিজোপা গছপুলি ৰোপন কৰাৰ লগতে তাৰ সংৰক্ষনৰ বাবেও সজাগ হব লাগিব। ভাষণ প্ৰসংগত উপায়ুক্তা গৰাকীয়ে কয় যে  এডাল গছ পুলি দহ পুত্ৰ সম । সেই বাবে গছপুলি সংৰক্ষণত সকলোৱে গুৰুত্ব দিব লাগিব। লগতে পৰিবেশ সদায় পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগিব। আজিৰ সভাত স্থানীয় সমাজ সেৱক প্ৰকাশ ৰাভাই নিজৰ ভাষণ প্ৰসংগত  অৰন্য মানৱ পদ্মশ্ৰী  যাদব পায়েংৰ কৰ্মশৈলীৰ কথা দোহৰাৰ লগতে গাওঁ সমূহ স্বচ্ছ আৰু নিকা কৰি ৰাখিবলৈ সকলোকে আহ্বান জনায়। প্লাষ্টিক মুক্ত অসম গঢ়ি তোলাৰ বাবেও তেওঁ বক্তব্য প্ৰদান কৰে। আজিৰ সভাত মূখ্য অতিথিৰ আসন অলংকৃত কৰি পদ্মশ্ৰী শ্ৰীযুত যাদৱ পায়েং য়ে নিজৰ বাল্যকালৰ কথাৰ আত ধৰি বহু মূল্যবান ভাষণ আগবঢ়ায় । একক প্ৰচেষ্টাৰে  মাজুলীৰ  এখনি মৰুভূমি সদৃশ ঠাইত কেনেকৈ এটি  হাবি গঢ়ি তুলিলে সেই বিষয়ে উপস্থিত ৰাইজক অৱগত কৰায়। গছপুলি কেনেকৈ ৰোপন কৰিব লাগে আৰু তাক কি পদ্ধতিৰে সংৰক্ষণ কৰিব লাগে সেই বিষয়ে নিজৰ অভিজ্ঞতাৰ পৰা ৰাইজলৈ সজাগতা মূলক মূল্যবান ভাষণ আগবঢ়ায়। গছ থাকিলেহে মানুহ থাকিব বুলি কথাষাৰৰ তাৎপৰ্য পুংখানুপুংখ ভাৱে ব্যক্ত কৰে । ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি ভাষণ প্ৰসংগত কয় যে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ অধ্যয়নৰ লগতে প্ৰত্যেকেই নিজৰ ঘৰ আৰু গাওঁ খন পৰিস্কাৰ কৰি ৰাখিবলৈ সৰুৰেই পৰা অভ্যাস গঢ়ি তুলিব লাগিব। সভাৰ শেষত জিলা উপায়ুক্তা বৰ্ণালী ডেকাই বৃক্ষৰোপন কাৰ্যসূচীত অংশ লয়। আজিৰ সভাত সহস্ত্ৰাধিক ৰাইজ উপস্থিত থাকে ।

The post গোৱালপাৰা বালাচাৰী আমগুৰীত “সেউজী অসম-প্ৰদূষণ মুক্ত অসম” শীৰ্ষক সজাগতা সভা appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2xY3JVJ
via IFTTT

Comments