অজনজাতীয় লোকক কাৰ্বি ভূমিত পট্টা প্ৰদানৰ বিৰোধিতা কেএছইউৰ

ডিজিটেল সংবাদ, ডিফুঃ কাৰ্বিভূমিৰ অজনজাতীয় লোকসকলক ভূমি পট্টা প্ৰদানৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে কাৰ্বি ছাত্ৰ সন্থা চমুকৈ কেএছইউ। পাহাৰীয়া জিলাখনলৈ ১৯৫১ চনৰ পিছত যোৱা কোনো অজনজাতীয় লোকে যাতে ভূমি পট্টা লাভ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ কাৰ্বি আলং স্বায়ত্ত পৰিষদক দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে।

এই সন্দৰ্ভত পৰিষদলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে সংগঠনটোৱে। স্মাৰক পত্ৰত অজনজাতীয় লোকক ভূমি পট্টা প্ৰদান কৰা চৰকাৰী বিষয়ববীয়াসকলৰ বিৰুদ্ধেও ছাত্ৰ সংগঠনটোৱে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে।

স্মাৰক পত্ৰত ছাত্ৰ সংগঠনটোৱে পৰিষদৰ তৰফৰ পৰা ভূমি পট্টা লাভ কৰা ১৮ জন অজনজাতীয় লোকৰ নামো উল্লেখ কৰে কাৰ্বি ছাত্ৰ সন্থাই। এই লোকসকলক প্ৰদান কৰা পট্টা উঠাই নল’লে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।

উল্লেখ্য যে পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ পৰা অজনজাতীয় লোকৰ নাম বাদ দিয়াৰ দাবীত একাধিক প্ৰতিবাদেৰে জিলাখন কঁপাই তুলিছে কেবাটাও সংগঠনে। উক্ত দাবীৰ সমৰ্থনত সন্মিলিতভাৱে আন্দোলন গঢ়ি তুলিছিল কেবাটাও কাৰ্বি সংগঠনে।

এনে পৰিপ্ৰেক্ষিতত সময় থাকোতেই চৰকাৰ প্ৰশাসনে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰিলে এইবাৰ ভূমি পট্টাক লৈ পুনৰ জিলাখন অগ্নিগৰ্ভা হৈ পৰিব পাৰে বুলি আশংকা ব্যক্ত কৰিছে সচেতন মহলে।

The post অজনজাতীয় লোকক কাৰ্বি ভূমিত পট্টা প্ৰদানৰ বিৰোধিতা কেএছইউৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2xPpAzA
via IFTTT

Comments