মধ্যপ্ৰদেশত বিজেপিক ৰোধিবলৈ বিৰোধীৰ বিশেষ বৈঠক

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ আগন্তুক বিধানসভাৰ নিৰ্বাচনত বিজেপিক ৰোধিবলৈ ককালত টঙালি বান্ধিছে ৰাজ্যখনৰ বিৰোধী ৰাজনৈতিক দলসমূহে। দেওবাৰে কেইবাটাও বিৰোধীদলে মিত্ৰজোঁটৰ সন্দৰ্ভত আলোচনা কৰিবলৈ ভুপালত এখন বৈঠকৰ আয়োজন কৰিছে।
বৈঠকত বিজেপিক ৰোধিবৰ বাবে বিকল্প ৰাজনৈতিক নীতিৰো সন্ধান কৰিব বিৰোধী দলসমূহে। দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হোৱা এই বৈঠকত লোকতান্ত্ৰিক জনতা দল,মাক্সবাদী কমিনিউষ্ট দল, ভাৰতীয় কমিনিউষ্ট পাৰ্টি,সমাজবাদী পাৰ্টিৰ লগতে কেইবাটাও দলে অংশগ্ৰহণ কৰিব।
উল্লেখ্য যে, ২০১৯ চনৰ জানুৱাৰী মাহত ২৩০ খন বিধানসভা আসনৰ বাবে অনুষ্ঠিত হব নিৰ্বাচন।
The post মধ্যপ্ৰদেশত বিজেপিক ৰোধিবলৈ বিৰোধীৰ বিশেষ বৈঠক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Omre5b
via IFTTT
Comments
Post a Comment