ইণ্ডোনেছিয়াৰ ছুনামিত মৃতকৰ সংখ্যা ৮৩২ লৈ বৃদ্ধি

ডিজিটেল ডেস্কঃ সময়ে সময়ে কেৱল বৃদ্ধি হ’বলৈ ধৰিছে ইণ্ডোনেছিয়াৰ মৃতকৰ সংখ্যা৷ ভূমিকম্প আৰু ছুনামিত বিধ্বস্ত দীপপুঞ্জত এতিয়া তীব্ৰ গতিত চলিছে উদ্ধাৰ কাৰ্য৷ দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ আৰু উদ্ধাৰ দপ্তৰৰ পৰা ইতিমধ্যে জনোৱা তথ্য অনুসৰি এই পৰ্যন্ত ৮৩২ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ উদ্ধাৰকাৰীসকলে জনোৱা মতে এতিয়াওঁ বহুতো মৃতদেহ ধ্বংসস্তুপৰ মাজত অৱদ্ধ হৈ আছে৷ তীব্ৰ ভুমিকম্পৰ পিছত ছুনামিৰ কবলত দেশখনৰ একাধিক দ্বীপ৷ ৰিখটাৰ স্কেলৰ তীব্ৰতা আছিলে ৭.৫৷

প্ৰায় ২০ ফুট উচচতাৰে অহা ঢেউৱে প্ৰথমে আক্ৰান্ত হৈছিল ছুলাউছিয়া দ্বীপ৷ প্ৰথম অৱস্থাত ছুনামিৰ তীব্ৰতা বুজা যোৱা নাছিল যদিওঁ পৰৱৰ্তী সময়ত উদ্ধাৰ কাৰ্যৰ সময়তহে প্ৰকৃত খবৰ পোহৰলৈ আহে৷ সম্পূৰ্ণ অঞ্চলটোৱে পৰিণত হৈছে ধ্বংস্তুপত৷ বহুমহলী অট্টালিকা সমূহ দেখিলেহে বুজি পোৱা যায় কিমান ভয়াবহ আছিল ভূমিকম্প আৰু ছুনামিৰ প্ৰাবল্য৷ দেশখনৰ ৰাষ্ট্ৰীয় উদ্ধাৰকাৰী সংস্থাৰ প্ৰধান মহম্মদ ছিয়াগিয়ে জনাইছে যে, এতিয়াওঁ বহুত ঠাইত প্ৰৱেশ কৰিব পৰা উদ্ধাৰকাৰীৰ দল৷ সেইবোৰ ঠাইত প্ৰৱেশ কৰোতে কিছু সময়ৰ প্ৰয়োজন হ’ব৷ সেইবোৰ ঠাইত প্ৰৱেশ কৰিলে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভৱনা আছে৷

The post ইণ্ডোনেছিয়াৰ ছুনামিত মৃতকৰ সংখ্যা ৮৩২ লৈ বৃদ্ধি appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2zGnwuY
via IFTTT

Comments