দেওবাৰে যোৰহাটত উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী সোণোৱালৰ

ডিজিটেল সংবাদ, যোৰহাটঃ যোৰহাটবাসীৰ বহুদিনীয়া এটি আশা সঁচা হোৱাৰ পথত। দেওবাৰে যোৰহাটৰ ন-আলিত উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। যোৰহাটৰ পৰা তিতাবৰলৈ যোৱা পথত ন-আলিত এটি ৰেলপথ থকাৰ বাবে অঞ্চলটোৰ লোকসকল বহু অসুবিধাৰ সম্মুখীন হৈছিল।
কিছু কিছু সময়ত পথটোৰে পাৰ হ’বলৈ কেবাঘণ্টাও অপেক্ষা কৰিবলগীয়াও হোৱা বুলি লোকসকল জানিবলৈ দিয়ে। যাৰ পৰিপ্ৰেক্ষিতত এখন উৰণীয়া সেতু নিৰ্মাণৰ বাবে স্থানীয় লোকসকলে দাবী উত্থাপন কৰিছিল চৰকাৰক। সেই অনুসৰিয়ে দেওবাৰে সেই স্থানত এখন উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
১০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই উৰণীয়া সেতুখনৰ দ্বাৰা জনসাধাৰণৰ বহু সুবিধা হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই বিশেষ অনুষ্ঠানটোত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী আৰু যোৰহাট লোকসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে অন্যান্য বহু লোকে।
ইফালে এই অনুষ্ঠানত ভাগ লৈ ৰাজ্য চৰকাৰৰ বহুকেইটা অভিলাসী আঁচনিৰ কথা কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, যোৰহাটৰ গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে চৰকাৰে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে। গ্ৰামাঞ্চলৰ পথ উন্নয়নৰ বাবে ৩ বছৰৰ বাবে ৩০ কোটি টকাৰ ধন মুকলি কৰাৰো কথা কয় হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰোপৰি চাহ বাগিচা উন্নয়ন তথা বাগিচাৰ ঠাইসমূহত বাস কৰা লোকসকলৰ উন্নয়নৰ কথাও কলে তেওঁ।
৭৫৪খন চাহ বাগিচাৰ বাট-পথ উন্নয়নৰ বাবে ৮০০ কোটি টকা দিয়া হ’ব বুলিও ঘোষণা কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে। চাহ বাগিচাৰ গৰ্ভৱতী মহিলালৈ ১২ হাজাৰ টকাকৈ অৰ্থ সাহায্য প্ৰদান কৰাৰ লগতে গৰ্ভৱতী মহিলাই ৩ মাহলৈ কাম নকৰাকৈ থাকিব পাৰিব বুলিও তেওঁ মন্তব্য কৰে।
এই অনুষ্ঠানতে ৰাজ্যৰ কৃষকসকলক ২০১৯ৰ ১ জানুৱাৰীৰ পৰা তেওঁলোকৰ ঋণৰ সোঁত ভৰিব নালাগে বুলিও মন্তব্য কৰে মন্ত্ৰীজনে। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলক উদেশ্য কৰি তেওঁ কয় যে চিকিৎসা মহাবিদ্যালয়খনত সকলো বিভাগতে শীঘ্ৰে আৰম্ভ হ’ব স্নাতকোত্তৰ পাঠ্যক্ৰম। উল্লেখ্য যে, উৰণীয়া সেতুৰ আধাৰশিলা স্থাপনৰ সমান্তৰালকৈ মহিলা বাণিজ্যিক কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
The post দেওবাৰে যোৰহাটত উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী সোণোৱালৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2xM9UNE
via IFTTT
Comments
Post a Comment