শালবাৰীত আৰক্ষীৰ উদ্যোগত মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা

ডিজিটেল সংবাদ, শালবাৰীঃ শালবাৰী মহকুমা আৰক্ষীৰ উদ্যোগত শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত দেওবাৰে পুৱা ভাগত মাদক দ্ৰব্যৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত হয়।

সভাত সভাপতিত্ব কৰে শালবাৰী মহকুমাধিপতি দিলীপ কুমাৰ বাত্ৰাই।সভাত শালবাৰী মহকুমা আৰক্ষী বিষয়া বাবুল নাথ উপস্থিত থাকি ভাষণ প্ৰসংগত উঠি অহা যুৱ চাম বৰ্তমান মাদক দ্ৰব্যৰ প্ৰতি অতিকে আসক্ত বুলি উল্লেখ কৰি তেওঁলোকক মাদক দ্ৰব্যৰপৰা দূৰত থাকিবলৈ আহ্বান জনায়। লগতে এই ক্ষেত্ৰত অভিভাৱকৰ গুৰুত্ব অপৰিসীম বুলিও মত ব্যক্ত কৰে আৰক্ষী বিষয়া৷

সজাগতা সভাখনত শালবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰ এইচ চৌধুৰী, শালবাৰী কলেজৰ অধ্যক্ষ জগত চন্দ্ৰ বসুমতাৰী,শালবাৰী উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষ তপেশ্বৰ বসুমতাৰী উপস্থিত থাকি মাদক দ্ৰব্যৰ বিৰুদ্ধে বহুমূলীয়া ভাষণ আগবঢ়ায়৷

The post শালবাৰীত আৰক্ষীৰ উদ্যোগত মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NbdPIr
via IFTTT

Comments