আৰক্ষীৰ জালত দুই দুধৰ্ষ গাড়ী চুৰ

  • ডিমাপুৰত চুৰি গাড়ী বিক্ৰী কৰিবলৈ যোৱা দুই গাড়ীচোৰক শনিবাৰে আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।
  • নগাঁৱৰ কঠিয়াতলী ৰেংবেঙত এখন বগাৰঙৰ চুইফ ডিজায়াৰ গাড়ীসহ দুই চোৰক আটক কৰে আৰক্ষীয়ে।
  • ধৃত দুইচোৰ ক্ৰমে আবু চুমে আলী আৰু আব্দুল লতিফ৷
  • আবু চুমে আলীৰ ঘৰ বৰপেটাত আৰু আব্দুল লতিফৰ ঘৰ মৌৰাঝাৰত।
  • জলফাইগুৰিৰ পৰা চুৰি কৰি আনিছিল ছুইফট ডিজায়াৰ গাড়ী খন।
  • গাড়ীখনৰ নম্বৰ এম বি ৭২ আৰ ১০৬৪।
  • মহানগৰীৰ হাতীগাঁও আৰক্ষী আৰু কঠিয়াতলী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলাইছিল অভিযান।
  • অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় চুৰ দুটাক।
  • পূৰ্বেও চালকক অচেতন কৰি কেইবাখনো গাড়ী চুৰি কৰি ডিমাপুৰত বিক্ৰী কৰাৰ কথা স্বীকাৰ ধৃত দুই চোৰৰ।

The post আৰক্ষীৰ জালত দুই দুধৰ্ষ গাড়ী চুৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2N96CIV
via IFTTT

Comments