নগাঁৱত পুনৰ অবৈধ মাৰণাস্ত্রসহ এজনক আটক

ডিজিটেল সংবাদ, বটদ্ৰৱঃ এতিয়া নগাঁৱত সুলভ হৈ পৰিছে অবৈধ মাৰানাস্ত্ৰ ।দেওবাৰে জিলাখনত আৰক্ষীয়ে পুনৰ জব্দ কৰে অবৈধ মাৰণাস্ত্ৰ। নগাঁও আৰক্ষী অধীক্ষকগৰাকীৰ তৎপৰতাত সঘনাই উদ্ধাৰ হৈছে এনে অবৈধ মাৰানাস্ত্ৰসমূহ।
এনেবোৰ ঘটনাই উদ্বিগ্ন কৰি তুলিছে সৰ্বসাধাৰণ ৰাইজক। আজি ধিঙৰ পৰা আৰক্ষীয়ে এটা ৭.৬৫ পিষ্টল, ২জাঁই গুলী আৰু এটা মেগজিনসহ গ্ৰেপ্তাৰ কৰে এজন লোকক। গ্ৰেপ্তাৰ হোৱা লোকজনৰ নাম ইনামুল হক বুলি জানিব পৰা গৈছে।
১৮ ছেপ্টেম্বৰৰ নিশা গুলীচালনাৰ এক ঘটনাৰে ইনামুল জড়িত থকা বুলি নগাঁও আৰক্ষীয়ে জানিবলৈ দিছে।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইনামুলক জেৰা অব্যাহত ৰাখিছে।
The post নগাঁৱত পুনৰ অবৈধ মাৰণাস্ত্রসহ এজনক আটক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2IqJwNj
via IFTTT
Comments
Post a Comment