খাৰুপেটীয়াত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ কৌশল মেলা
ডিজিটেল ডেস্ক, খাৰুপেটীয়াঃ আজি খাৰুপেটীয়াৰ হনুমান মন্দিৰ ধৰমশালাত দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ উদ্যোগত আৰু খাৰুপেটীয়া নগৰ সমিতিৰ সহযোগত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা আঁচনিৰ সম্পৰ্কত সজাগতা সভা আৰু কৌশল মেলা অনুষ্ঠিত হয়৷ দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ স্কীল মিত্ৰ নিৰঞ্জন শইকীয়াই আঁত ধৰা সভাখনিত মূখ্য অতিথি হিচাপে উপস্থিত থাকি আঁচনি খনৰ ওপৰত বক্তৱ্য ৰাখে মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকা, খাৰুপেটীয়া নগৰ সমিতিৰ সভানেত্ৰী কৃষ্ণা সাহা, দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত পৰিচালক পংকজ কুমাৰ, বিডিএম যদুমনি শৰ্মাই।
কৌশল মেলাত বিশিষ্ট অতিথি হিচাপ উপস্থিত থাকে দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত পংকজ চক্ৰৱৰ্তী আৰু জ্যোতি চিত্ৰৱনৰ উপাধ্যক্ষ অশোক ভাৰ্গৱ। আজিৰ এই কৌশল মেলা আৰু সজাগতা সভাত সহস্বাধিক লোক তথা যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰি আঁচনিটোৰ বিষয়ে জানে আৰু দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ বিষয়াসকলে আঁচনিখনৰ বিষয়ে সকলো বিতং ভাৱে কয়। দৰং জিলাত থকা প্ৰধান মন্ত্ৰী কৌশল কেন্দ্ৰত ১৮ বছৰৰ পৰা ৩০ বছৰৰ যুৱক-যুৱতীসকলে বিভিন্ন দিশত প্ৰশিক্ষণ গ্ৰহন কৰি সংস্থাপনৰ ব্যৱস্থা লব পাৰিব বুলি অৱগত কৰে আজিৰ সভাত থকা দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ বিষয়া সকলে। ভাৰত চৰকাৰৰ দক্ষতা বিকাশ মন্ত্রালয়ৰ দ্বাৰা ৰূপায়ন হোৱা প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা আঁচনিৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতী সকলক বিভিন্ন দিশত উন্নতমানৰ বিনামুলীয়া প্ৰশিক্ষণ প্ৰদান কৰি সংস্থাপনৰ ব্যৱস্থা কৰে এই আঁচনি খনৰ জৰিয়তে।
The post খাৰুপেটীয়াত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ কৌশল মেলা appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2OmORdT
via IFTTT
Comments
Post a Comment