ঢকুৱাখনাত ধুমুহাৰ তাণ্ডৱ

ডিজিটেল ডেস্ক, ঢকুৱাখনাঃ ঢকুৱাখনাৰ পশ্চিম প্ৰান্তৰ বামুন গাঁৱত আজি পুৱতি নিশাৰ এজাক ধুমুহাই তাণ্ডৱ সৃষ্টি কৰে৷ গাওঁখনৰ বাবুল শইকীয়া নামৰ লোকজনৰ ঘৰ এই ধুমুহাৰ ফলত সম্পূৰ্ণ ধ্বংস হৈছে৷ ধুমুহাৰ ফলত এজোপা প্ৰকাণ্ড কঁঠাল গছ ভাগি শইকীয়াৰ বাঁহৰ ঘৰটোৰ ওপৰত পৰাৰ লগে লগে ঘৰটো সম্পূৰ্ণ ৰূপে ধ্বংস হয়৷ ভয়ানক পৰিৱেশৰ আশংকাত কোনোমতে প্ৰাণ লৈ ঘৰৰ বাহিৰ হয় পৰিয়ালটোৰ চাৰিজন সদস্যই৷ জানিব পৰা মতে, গছ ভাগি পৰাৰ ফলত গছৰ এটা অংশই বাবুল শইকীয়াকো হেঁচা মাৰি ধৰি ৰাখিছিল৷ পিছত স্থানীয় লোকৰ তৎপৰতাহে তেওঁক উলিয়াই অনা হয়৷ এনে অনাকাংক্ষিত খবৰ লাভ কৰি স্থানীয় লাট গাওঁবুঢ়া হেম চেতিয়া, গাঁওখনৰ গ্ৰামসভাৰ সভাপতি ৰাজেন শৰ্মা সম্পাদক মুকুতা বৰাৰ নেতৃত্বত যুৱক সকলে ঘৰটো অস্থায়ী ভাবে মেৰামতিৰ কাম সম্পূৰ্ণ কৰে৷ উল্লেখ্য যে, দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া বাবুল শইকীয়াই নিজৰ ঘৰৰ এনে ৰূপ দেখি দুখত ভাগি পৰিছে৷ পুনৰ গৃহ নিৰ্মাণৰ বাবে চৰকাৰৰ পৰা কিবা ক্ষতিপূৰণ লাভৰ আশা কৰিছে বাবুল শইকীয়াৰ পৰিয়ালে৷

The post ঢকুৱাখনাত ধুমুহাৰ তাণ্ডৱ appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2N96QQt
via IFTTT

Comments