যোৰহাটৰ বাট পথ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে প্রতি বছৰে ২০০ কোটি টকা আবন্ট দিবঃ হিমন্ত বিশ্ব শৰ্মা
যোৰহাটত ‘ন’ আলিৰ উৰণীয়া সেতু আৰু মহিলাৰ বাণিজ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে, মূখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু গৰকাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
ডিজিটেল ডেস্ক, যোৰহাটঃ বহু অপেক্ষিত যোৰহাট ‘ন’ আলি তিতাবৰ সংযোগী পথত উৰণীয়া সেতু আৰু মহিলা বাণিজ্যক কেন্দ্ৰৰ আজি আধাৰশিলা স্থাপন কৰে মূখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু গৰকাপ্তানী তথা বিত্ত মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই। আধাৰশিলাৰ শুভাৰম্ভ কৰাৰ লগে লগে যোৰহাটবাসী সাক্ষী হৈ ৰ’ল এক ঐতিহাসিক ক্ষণৰ৷ যোৰহাট ৰেলৱে ষ্টেচনৰ সমীপত অনুষ্ঠিত হোৱা আধাৰশিলা স্থাপনৰ সভাত সহস্ৰাধিক লোক উপষ্ঠিত থাকে৷ যোৰহাট তিতাবৰ সংযোগী ‘ন’ আলিৰ যোৰহাট মহাবিদ্যালয়ৰ সমীপৰ পৰা আৰম্ভ হ’বলগীয়া উৰণীয়া সেতুখনৰ দৈৰ্ঘ্য হ’ব প্ৰায় ১.৬ কিঃ মিঃ আৰু প্ৰস্থ হ’ব প্ৰায় ১০ মিটাৰ৷ আজিৰ ‘ন’ আলি উৰণীয়া সেতু আধাৰশিলা স্থাপনৰ অনুষ্ঠিত সভাত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে বিত্তীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, দেৰগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ীকা সুশীলা হাজৰীকা, তিতাবৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমন্ত কলিতা, বিশিষ্ট্য সমাজ সেৱক তথা বিজেপিৰ যোৰহাট জিলাৰ সভাপতি শান্তনু পুজাৰী, সমাজ সেৱক দেৱ প্ৰতিম বৰা, মাৰ্কেটিং বৰ্ডৰ সভাপতি পালিত বৰা, যোৰহাট পৌৰ সভাৰ পৌৰপতি জয়ন্ত বৰকাকতী, গড়কাপ্তানী বিভাগৰ আয়ুক্ত বিশেষ সচিব, অভিযন্তা হিৰেনময়ী সেন, সুৰভী ৰজকুমাৰী, যোৰহাট জিলা উপায়ুক্ত নাৰায়ণ কোঁৱৰ, যোৰহাটৰ আৰক্ষী অধীক্ষক বৈভৱ নিম্বলকাৰৰ লগতে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷
উৰণীয়া সেতু শুভাৰাম্ভ সভাত অসম বিধান সভাৰ অধ্যক্ষ তথা যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে কয় যে ‘ন’ আলিৰ এই উৰণীয়া সেতুৰ পৰিকল্পনা প্ৰায় দুটা দশকৰ আগৰ৷ বহু অপেক্ষাৰ অন্তঃত আৰম্ভ হ’বলগীয়া সেতুখনৰ জড়িয়তে যোৰহটীয়া ৰাইজৰ এটা বহু পুৰণি সপোন পুৰণ হ’ব৷ প্ৰায় ১০০ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া ‘ন’ আলি উৰণীয়া সেতুৰ বাবে প্ৰথম অৱস্থাত ৰাজ্য চৰকাৰে ধন দিয়াৰ কথা আছিল যদিও উত্তৰ পূব বিশেষ আন্তঃ গাঠনি আচনিৰ আধিনলৈ ‘ন’ আলি উৰণীয়া সেতুখনৰ নিৰ্মাণ কাৰ্য্য যোৱাৰ বাবে সমগ্ৰ খৰচ কেন্দ্ৰই বহন কৰিব৷ তদুপৰি তেওঁ উল্লেখ কৰে যে যি সকল ব্যক্তিৰ ভূমি উৰণীয়া সেতু নিৰ্মাণ কৰোতে হেৰুৱাব লাগিব, সেই সকলক ক্ষতিপুৰণ ৰূপে এক কঠাত ১৫ লাখ টকা চৰকাৰে প্ৰদান কৰিব৷ লগতে তেওঁ কয় যে উত্তৰ নগৰ আন্তঃ গাঠনি আচনিৰ আধিনত নিৰ্মাণ হ’ব মহিলা বাণিজ্যিক কেন্দ্ৰ৷ আনহাতে বিত্তীমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণ প্ৰসংগত কয় যে যোৰহাটৰ বাট পথ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে প্রতি বছৰে ২০০ কোটি টকা আবন্ট দিব৷ লগতে গ্ৰাম্যাঞ্চলৰ ৰাস্তা ঘাটৰ উন্নয়নৰ বাবে প্ৰতি বছৰে ৩০ কোটি টকাকৈ আবন্টন দিয়াৰ কথাও উল্লেখ কৰে৷ মূখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে তেওঁৰ ভাষণ প্ৰসংগত কয় যে ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে অসমৰ উন্নয়নৰ প্ৰতি যি পদক্ষেপ লৈছিল, তাকে সৰোগত কৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন আঁচনি ৰূপায়ন কৰিছে চৰকাৰে৷ এই আচনি সমূহ সঠিক ৰূপত ৰূপায়ন কৰিব পাৰিলে অসম নিশ্চয় আগুৱাই যাব৷ লগতে তেওঁ কয় যে আজিৰে পৰা যোৰহাটৰ পৰা দিল্লী আৰু কলকতালৈ পোনপটীয়া যাতায়ত কৰিব পৰাকৈ ইণ্ডিগ’ আৰু জেট এয়াৰৱেজৰ আৰু তিনিখন বিমানৰ সংযোজন হৈছে৷
উল্লেখযোগ্য যে আজিৰ এই সভাতেই লক্ষনৌত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় জেভলিন থ্ৰ’ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা মাজুলী জেংৰাইৰ ৰুণজুণ পেগুক মূখ্য মন্ত্ৰীয়ে এই সভাতে সম্বৰ্ধনা জনোৱাৰ লগতে ১,২৫,০০০ টকাৰ এখন চেক্ প্ৰদান কৰে৷ ইয়াৰ পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলৰ সূতা, কম্বলৰ ৰাজনীতিক সমালোচনা কৰাৰ লগতে তেওঁ কয় যে এতিয়া বিজেপিয়ে বহু ওপৰৰ তথা জনগণৰ স্বাৰ্থত ৰাজনীতি কৰিছে৷ সূতা কম্বলৰ ৰাজনীতি কৰি চাৰি পাঁচ বাৰ চৰকাৰলৈ আহিব পাৰি কিন্তু ভোটদাতা পৰিয়ালৰ কোনো এজন লোকৰ যেতিয়া কেন্সাৰৰ দৰে দুৰাৰোগ্য হ’ব তেতিয়া হয়তো মন্ত্ৰী বিধায়কৰ ঘৰৰ বাহিৰত সহায়ৰ বাবে লাইন পাতিব লাগিব৷ কিন্তু এতিয়া বিজেপি চৰকাৰে অটল অমৃতৰ দৰে যি কাৰ্ড দিয়া হৈছে সেই কাৰ্ড খনৰ পৰা তেনে ৰোগী সকলে দুই লাখ টকা লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীয়েও উন্নয়নৰ ৰাজনীতিৰ ওপৰত বিশ্বাস কৰে আৰু অসমৰ সমস্যাৰ সমাধানৰ বাবে কাম কৰি যাব বুলিও উল্লেখ কৰে৷ যোৰহাটৰ বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে কয় যে এই উৰণীয়া সেতু নিৰ্মাণক লৈ কোনো চিন্তা কৰিব নালাগে৷ সম্পূৰ্ণ পুঁজি মজুত আছে সেতু নিৰ্মান হ’বই আৰু অহা ডিচেম্বৰৰ ভিতৰত গাঁও ৰাইজে ব্ৰক্ষ্মপুত্ৰৰ পানী পাব৷ ক্লাৱ ৰোডৰ লগতে নগৰৰ জে বি ৰোডৰ কাম অতি সোনকালেই আৰম্ভ হ’ব বুলি উল্লেখ কৰে। উক্ত সভাত সাংসদ তাছা, প্রাক্তন বিধায়ক হেমন্ত কলিতা, বিজেপি সভাপতি শান্তনু পূজাৰীৰেও বক্তব্য আগবঢ়ায়।
The post যোৰহাটৰ বাট পথ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে প্রতি বছৰে ২০০ কোটি টকা আবন্ট দিবঃ হিমন্ত বিশ্ব শৰ্মা appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2DIQkqZ
via IFTTT
Comments
Post a Comment