ইণ্ডোনেছিয়াত ভূমিকম্প আৰু ছুনামীত মৃত্যুৰ সংখ্যা  ৮৩২লৈ বৃদ্ধি, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ কিছুদিনৰ পূৰ্বলৈকে এছিয়ান গেমছৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰা ইণ্ডোনেছিয়াত এতিয়া মৃত্যুৰ কিৰিলি। শুকুৰবাৰে ৰিখটাৰ স্কেলৰ ৭.৫ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যোৱা পালু চহৰ এতিয়া বিধ্বস্ত। ছুলাৱেছী দ্বীপ হৈ পৰিছে শ্মশান সদৃশ।

এই ভূমিকম্প আৰু ছুনামীত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৩২লৈ বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ইণ্ডোনেছিয়া চৰকাৰে এই প্ৰাকৃতিক দুৰ্যোগক ইতিমধ্যে ঘোষণা কৰিছে। এতিয়াও সহস্ৰাধিক লোক সন্ধানহীন  হৈ আছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ।

ইণ্ডোনেছিয়াৰ মেট্ৰ’ টিভিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ধ্বংসস্তূপৰ মাজত বহুলোকৰ মৃতদেহ আৱদ্ধ হৈ আছে। পালু চহৰত উদ্ধাৰ অভিযানত সেনা বাহিনীও নিয়োগ কৰা হৈছে।

ইফালে, এখন ধ্বংসস্তূপৰ মাজৰ পৰা সেনাই মাটি খান্দি উদ্ধাৰ কৰিছে এগৰাকী জীৱন্ত মহিলা। যোৱা দুদিন ধৰি এই ধ্বংসস্তূপৰ মাজত সোমাই আছিল মহিলাগৰাকী।

ৰেড ক্ৰ’ছেও ইণ্ডোনেছিয়ালৈ চিকিৎসা সাহায্য আগবঢ়াইছে। ভূমিকম্পৰ পাছতেই অহা ছুনামীৰ ঢৌৱে বিধ্বস্ত কৰা পালু চহৰত স্বাভাৱিক জীৱন-যাত্ৰা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে।

ইফালে বিমানবন্দৰৰ ৰাণৱে নষ্ট হৈ পৰাৰ ফলত বন্ধ হৈ আছে বিমান চলাচল। আন্তঃৰাষ্ট্ৰীয় সমোদায়েও এই বিপদৰ মুহূৰ্তত ইণ্ডোনেছিয়ালৈ সহায়ৰ হাত আগবঢ়াইছে।সেই সময়ত পালু চহৰত বিচ্চ ফেষ্টিভেল অনুষ্ঠিত হৈ আছিল। সাগৰৰ পাৰত  প্ৰায় শতাধিক লোক সেই উৎসৱত অংশ লৈ আছিল। সেই সময়ত অহা ছুনামীৰ ১৮ ফুট উচ্চতাৰ ঢৌৱে সেই বিচ্চত থকা লোকসকলক উটুৱাই নিছিল আৰু তাৰে প্ৰায়বোৰৰেই মৃত্যু ঘটিছিল।

 

The post ইণ্ডোনেছিয়াত ভূমিকম্প আৰু ছুনামীত মৃত্যুৰ সংখ্যা  ৮৩২লৈ বৃদ্ধি, চাওঁক VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2y1Vf01
via IFTTT

Comments