বেঙেনাখোৱাত ড্ৰাগছ সেৱন কৰি আৰক্ষীৰ জালত ৬ যুৱক

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট চহৰৰ বেঙেনাখোৱাৰ পৰা আজি তিনিজন ড্ৰাগছ সেৱনকাৰী যুৱকক আৰক্ষীয়ে আটক কৰে। আটকাধীন যুৱককেইজন হ’ল শ্যাম বড়া, অৰিন্দম দত্ত আৰু সুশান্ত বড়া।
জানিব পৰা মতে, আজি দিনৰ ভাগত এক গোপন সূত্ৰৰ পম খেদি গোলাঘাট আৰক্ষীয়ে যুৱককেইজনে বেঙেনাখোৱাত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত হাতে-লোটে ধৰা পেলায়।
যুৱককেইজনৰ পৰা আৰক্ষীয়ে নিষিদ্ধ ব্ৰাউন ছুগাৰৰ বহু কেইটা টেমা, ছিৰিঞ্জ আৰু অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰে। যুৱক তিনিজনক আৰক্ষীয়ে বৰ্তমান ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।
উল্লেখ্য যে, গোলাঘাট নগৰত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা। নিষিদ্ধ ড্ৰাগছৰ কৱলত পৰি জীৱন ধ্বংস হৈছে বহু যুৱকৰ জীৱন। গোলাঘাট আৰক্ষীয়ে ইতিমধ্যে তিনিটা দিনত মুঠ ৬ জন ড্ৰাগছ সেৱানকাৰীক গ্ৰেপ্তাৰ কৰিছে। ড্ৰাগছৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত আৰক্ষীৰ অভিযান অধিক তীব্ৰতৰ হ’ব বুলি জানিবলৈ দিয়ে।
The post বেঙেনাখোৱাত ড্ৰাগছ সেৱন কৰি আৰক্ষীৰ জালত ৬ যুৱক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NUcxqw
via IFTTT
Comments
Post a Comment