স্বাধীনতা দিৱস কাপ ফুটবলৰ উদ্বোধনী খেলত জয়ী মৰ্ণিং ষ্টাৰ

ডিজিটেল সংবাদ, নগাঁওঃ দেওবাৰৰ পৰা আৰম্ভ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম পুৰণি তথা আগশাৰীৰ নগাঁৱৰ সৰ্বভাৰতীয় ৭০ সংখ্যক স্বাধীনতা দিৱস কাপ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা।

নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত নৈশালোকত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ আজিৰ উদ্বোধনী খেলত ডিফুৰ মৰ্ণিং ষ্টাৰ ক্লাৱে নগাঁৱৰ অম্লান গোষ্ঠীক ২-১ গ’লত পৰাজিত কৰে। খেলখনত মৰ্ণিং ষ্টাৰৰ হৈ গ’ল দুটা ক্ৰমে গীন মিনঠাং হানসিং আৰু এৱেল হামন্ডে য়ে দিয়াৰ বিপৰীতে অম্লান গোষ্ঠীৰ হৈ গ’ল দিয়ে নিৰৱ বৰদলৈ য়ে।

খেলখন পৰিচালনা কৰাত ৰেফাৰী লুকু দাসক সহায় কৰে দিব্যজ্যোতি শৰ্মা,পবিত্র বৰা আৰু শোণিত কুমাৰ বৰা (চতুৰ্থ)ই।
আনহাতে,এই প্ৰতিযোগিতাখনি আজি আনুষ্ঠানিকভাবে উদ্বোধনী কৰে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ দেৱাশীষ ৰয়ে। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্রী তথা নগাঁও ক্ৰীড়া সংস্থাৰ সভাপতি ৰাজেন গোহাঁই, বিধায়ক তথা নগাঁও ক্ৰীড়া সংস্থাৰ উপ-সভাপতি ৰূপক শৰ্ম্মা, ৰাজ্যৰ প্ৰাক্তন ক্ৰীড়া আয়ুক্ত স্বপ্ননীল বৰুৱাকে প্ৰমুখ্য কৰি বহু কেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকে।

লগতে অনুষ্ঠানটিত শতাধিক প্ৰাক্তন খেলুৱৈক বিশেষভাবে সম্বধৰ্নাও জনোৱা হয়। লগতে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত খ্যাতনামা সংগীত শিল্পী ভৃগু কাশ্যপে সংগীত পৰিৱেশন কৰে।

The post স্বাধীনতা দিৱস কাপ ফুটবলৰ উদ্বোধনী খেলত জয়ী মৰ্ণিং ষ্টাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2xZR5FZ
via IFTTT

Comments