হোজাই নীলবাগানত প্ৰধান মন্ত্ৰী আৱাস যোজনা আৰু ঋন দিয়াৰ নামত ধন সংগ্ৰহ কৰা তিনি প্ৰৱঞ্চক আৰক্ষীৰ জালত
ডিজিটেল ডেস্ক, ডবকাঃ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৰু ঋণ দিয়াৰ নামত ধন সংগ্ৰহত নামিছে বৃহত চক্ৰই৷ ধন সংগ্ৰহ কৰি থকা আৱস্থাত হাতে লুটে ধৰা পৰিল ৰিপাব্লিক পাৰ্টি অৱ ইণ্ডিয়াৰ হোজাই জিলা সমিতিৰ সম্পাদক সহ তিনি জন৷ একাংশ ৰাজনৈতিক দলৰ নেতা পালিনেতা নামিছে এতিয়া ধন সংগ্ৰহত৷ প্ৰধান মন্ত্ৰী আৱাস গৃহ প্ৰদান কৰাৰ নামত সংগ্ৰহ কৰিছে লাখ লাখ টকা৷ দুখীয়া দৰিদ্ৰৰ পৰা ধন সংগ্ৰহ কৰি অৱশেষত আৰক্ষীৰ জালত পৰিছে নেতা পালি নেতাৰ লগতে কলেজীয়া ছাত্ৰীকে ধৰি ছাত্ৰ সংগঠনৰ নেতা৷ হোজাইৰ নীলবাগানত প্ৰধান মন্ত্ৰী আৱাস গৃহ আৰু ঋণ দিয়াৰ নামত ব্যাপকভাৱে ধন সংগ্ৰহ চলাইছে এটা অসাধু চক্ৰই৷ ৰিপাব্লিক পাৰ্টি অৱ ইণ্ডিয়াৰ হোজাই জিলাৰ নেতা পালিনেতা বুলি পৰিচয় দি চলাইছে ধন সংগ্ৰহ৷ জিলাখনৰ দুখীয়া দৰিদ্ৰ লোকক প্ৰধান মন্ত্ৰী আৱাস গৃহ প্ৰদান আৰু এক লাখ টকা ঋন দিয়াৰ প্ৰলোভন দি সংগ্ৰহ কৰিছে লাখ লাখ টকা
ৰিপাব্লিক পাৰ্টি অৱ ইণ্ডিয়াৰ হোজাই জিলা সমিতিৰ সম্পাদক শ্বফিকুল ইছলামৰ নেতৃত্বত চলিছে এই কাৰ্য৷ বিগত তিনিমাহৰ পৰা আৰক্ষী প্ৰশাসনৰ চকুত ধুলি দি চলাইছে এই দুস্কাৰ্য৷
নীলবাগান সপ্তাহিক বজাৰত এটি ঘৰত দৰিদ্ৰ মহিলা সকলৰ পৰা ধন সংগ্ৰহ কৰি থকা অৱস্থাত লোক কেইজনক হাতে লোটে ধৰিছে হোজাই জিলা আমছুৱে৷ সাংবাদিকৰ কেমেৰাত বন্ধী হৈছে ধন সমগ্ৰৰ সকলো দৃশ্য৷ ধন লোৱাৰ কথা স্বীকাৰো কৰিছে মাষ্টাৰ মাইণ্ড ছাইফুলে৷ হোজাই জিলাৰ ভিন্ন প্ৰান্তৰ দৰিদ্ৰ মহিলাৰ পৰা সংগ্ৰহ কৰিছে ধনসমুহ৷ ইতিমধ্যে সাতশৰো অধিক দৰিদ্ৰ মহিলাৰ পৰা ধন লৈছে চক্ৰটোৱে৷ যাৰ পৰা যিমান পাইছে সংগ্ৰহ কৰিছে ধন৷ কাৰোবাৰ পৰা পাঁচশ, কাৰোবাৰ পৰা হাজাৰ, কাৰোবাৰ পৰা দুই হাজাৰ, ঘৰ দিয়াৰ পিছত প্ৰৱঞ্চকক দিব লাগিব ৩০ হাজাৰ টকা, এই ভাষ্য ভোক্তভোগী মহিলা সকলৰ, ৰিপাব্লিক পাৰ্টি অৱ ইণ্ডিয়াৰ হোজাই জিলাৰ সম্পাদক বুলি পৰিচয় দিছে ধৃত ছাইফুলে৷
হোজাই জিলা আমছুৱে অভিযান চলাই হাতে লুটে ধৰাৰ পাছত খবৰ দিয়ে আৰক্ষীক৷ পাছত নীলবাগান আৰু মোৰাজাৰ আৰক্ষী উপস্থিত হৈ ৰিপাব্লিক পাৰ্টি অৱ ইণ্ডিয়াৰ হোজাই জিলা সমিতিৰ সভাপতি ফখৰুল ইছলাম, সম্পাদক শ্বফিকুল ইছলাম আৰু এগৰাকী কলেজীয়া ছাত্ৰীক আটক কৰি থানালৈ লৈ যায়৷ তিনিওঁকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ আৰক্ষীৰ তদন্তত চক্ৰটোৰ আৰু বহু ৰৌ, বৰালি জালত পৰাৰ সম্ভৱনা আছে৷
The post হোজাই নীলবাগানত প্ৰধান মন্ত্ৰী আৱাস যোজনা আৰু ঋন দিয়াৰ নামত ধন সংগ্ৰহ কৰা তিনি প্ৰৱঞ্চক আৰক্ষীৰ জালত appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2Nc3YSX
via IFTTT



Comments
Post a Comment