বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অচলাৱস্থা, বিএছইউক আলোচনালৈ আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ত চলি থকা অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ পৰিপ্ৰেক্ষিতত শিক্ষানুষ্ঠানখনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আছু, এবছু আৰু আৰছুৰ কোকৰাঝাৰ জিলা সমিতিয়ে।

দেওবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক যৌথ বিবৃতিত কোকৰাঝাৰ জিলা সমিতিৰ এবছুৰ সভাপতি জনক উজিৰ, সম্পাদক সৌমদৌন ব্ৰহ্ম, আছুৰ জিলা সভাপতি সুবোধ ৰায়, সম্পাদক সবিন শৰ্মা আৰু আৰছুৰ সভাপতি ক্ৰৌকসিং চাপাৰ, সম্পাদক বিন্দু ৰাভাই বিবৃতিত উল্লেখ কৰে যে- বড়োলেণ্ড বিশ্ববিদ্যালয়ত চলি থকা অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ ফলত বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক কাম কাজৰ লগতে কৰ্মশালা,ষাণ্মাষিক পৰীক্ষাও বন্ধ হৈ পৰিছে।

ছাত্ৰ-ছাত্ৰীসকলৰ পাঠগ্ৰহণ আৰু প্ৰশাসনিক কাম-কাজ ব্যাহত নকৰাকৈ আন্দোলনকাৰীসকলক আন্দোলন কৰাৰ পৰামৰ্শ প্ৰদান কৰি তিনিওটা সংগঠনৰ নেতৃবৃন্দই শিক্ষাৰ অধিকাৰৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক বঞ্চিত নকৰিবলৈ আন্দোলনকাৰীৰ প্ৰতি আহ্বান জনাইছে। তদুপৰি সমগ্ৰ বিষয়বস্তু চালি-জাৰি চাই এইক্ষেত্ৰত বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপালক ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰিবলৈ  বিবৃতিযোগে আহ্বান জনাইছে আছু, এবছু আৰু আৰছুৱে।

ইপিনে বিগত ১০দিন ধৰি বড়োলেণ্ড বিশ্ববিদ্যালয়ত অব্যাহত থকা অচলাৱস্থাৰ পিছত অৱশেষত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বড়োলেণ্ড ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ সৈতে ১ অক্টোবৰত এক বৈঠকত মিলিত হ’ব বুলিও জানিব পৰা গৈছে । উক্ত বৈঠকত তেওঁলোকৰ দাবী মানি ল’লেহে আন্দোলন কাৰ্যসূচী প্ৰত্যাহাৰ কৰা হ”ব বুলি দেওবাৰে কোকৰাঝাৰৰ বড়োলেণ্ড অতিথিশালাত আয়োজিত এক সংবাদমেলত বিএছইউৰ নেতৃবৰ্গই স্পষ্ট কৰি দিয়ে।

সংবাদমেলত বিএছইউৰ সভাপতি সৌগৌমছাৰ বসুমতাৰীয়ে কয় যে- ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ যুটীয়া সচিবে কোকৰাঝাৰ জিলা  উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু সেইমৰ্মে  ১ অক্টোবৰত বিএচইউৰ প্ৰতিনিধি দলটো দিছপুৰত মুখ্যমন্ত্ৰীৰ আলোচনাকক্ষত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে এক বৈঠকত মিলিত হ’ব।

উক্ত বৈঠকত বিএছইউৰ দাবীসমূূহৰ ওপৰত ফলপ্ৰসূ আলোচনা হ’লেহে অনিৰ্দিষ্টকালীন ধৰ্মঘট প্ৰত্যাহাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলিও সংবাদমেলত সৌগৌমছাৰ বসুমতাৰীয়ে সদৰী কৰে।

The post বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অচলাৱস্থা, বিএছইউক আলোচনালৈ আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NU9qyY
via IFTTT

Comments